Nepal:✒️নেপালৰ কেন্দ্রীয় বেংকে বৃহস্পতিবাৰে এখন নতুন ১০০ টকাৰ নোট জাৰি কৰিলে। চ এই নোট জাৰি কৰাৰ পাছতে ভাৰত আৰু নেপালৰ মাজত নতুন সীমা বিবাদ আৰম্ভ হ’ল।
দৰাচলতে এই নোটত নেপালৰ পৰিৱৰ্তিত মানচিত্ৰ ছপা কৰা হৈছে। নেপালৰ এই নতুন মানচিত্ৰত ভাৰত আৰু নেপালৰ মাজত বিবাদিত কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰা অঞ্চলক নেপালৰ সীমাৰ অধীনত বুলি দাঙি ধৰা হৈছে।
নেপালৰ নোটত ছপা কৰা এই নতুন মানচিত্র অবৈধ বুলি ভাৰতে দাবী কৰিছে। উল্লেখ্য যে নেপালৰ প্রাক্তন প্রধানমন্ত্রী কে পি শর্মা অলীয়ে ২০২০ৰ মে’ত কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰা অঞ্চলক নেপালত অন্তর্ভুক্ত কৰি নতুন মানচিত্র প্ৰস্তুত কৰিছিল।
কিন্তু এই তিনি অঞ্চল ভাৰতৰ অধীনস্থ।নেপালত প্রচলিত ১০ টকা, ৫০ টকা, পাঁচশ টকা আৰু ১০০০ টকাৰ নোটৰ বাহিৰে ১০০ টকাৰ নোটতহে এই নতুন নেপালৰ মানচিত্ৰ ছপা কৰা হৈছে।






























