Guwahati:
২০২৬ চনৰ বিধানসভা নির্বাচনত কংগ্ৰেছ আৰু বিৰোধী কেইবাটাও অভিলেখ ভংগ কৰিব বুলি আজি ফাকুৱা উৎসৱৰ দিনাই ৰাজ্যিক বিজেপিৰ মুখপাত্র প্রাঞ্জল কলিতা সৰৱ হৈ পৰে। ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি মুখপাত্ৰ গৰাকীয়ে কয় যে পোন প্ৰথমবাৰৰ বাবে অসম বিধানসভাত নাথাকিব এজনো কংগ্রেছী হিন্দু বিধায়ক।
ইতিমধ্যে ৰাজ্যৰ ১০৪ খন আসন খিলঞ্জীয়াৰ হাতলৈ অহাৰ বিপৰীতে কেৱল মিঞা অধ্যুষিত ২২ খন আসনতহে বিৰোধীয়ে নিজৰ মাজতে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, বিমলা প্রসাদ চলিহা আদি কংগ্রেছ নেতা সকলে মিঞাক উচ্ছেদ তথা বিতাৰণ কৰি চৈয়দ চাদুল্লা, মৌলানা ভাছানি, ময়নুল হক চৌধুৰী আদিৰ দৰে মিঞা কংগ্ৰেছীৰ বিৰোধীতা সহ্য কৰিব লগা হৈছিল। সেই মিঞা কংগ্ৰেছীৰ আদৰ্শৰে অনুপ্রাণিত হৈ গৌৰৱ গগৈয়ে মিঞাৰ ত্ৰানকর্তা হিচাপে নিজকে প্রক্ষেপ কৰিছে। মিঞা সমষ্টিত বিৰোধীৰ কোন গৰাকী নেতা আটাইতকৈ বেছি জনপ্রিয় তাৰ প্রতিযোগীতাত নামি পৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই খিলঞ্জীয়াৰ আশিস ধন্য হৈ তৃতীয়বাৰৰ অসমত বিজেপি চৰকাৰ অধিস্থিত কৰিবলৈ আগবাঢ়িছে।
লোকে লোকাৰণ্য ৰাজপথত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আশীর্বাদ জ্ঞাপন কৰি ৰাজ্যৰ সৰ্বস্তৰৰ ৰাইজে মিঞাপ্রেমী গৌৰৱ গগৈক প্রত্যাখ্যান কৰা বুলি স্পষ্ট ইংগিত দিছে। অসমৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে ১০০ খনতকৈও অধিক আসন নিশ্চিত বিজয়ৰ দিশেৰে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে বুলি মুখপাত্ৰ গৰাকীয়ে সংবাদমেলখনত উল্লেখ কৰে। কোনো এটা বিৰোধী দলে এইবাৰৰ নিৰ্বাচনত এক ষষ্ঠাংশ আসনো জয়ী হ’ব নোৱাৰিব বুলি উল্লেখ কৰি মুখপাত্ৰ গৰাকীয়ে ২০২৬ ৰ বিধানসভাত বিৰোধী দলপতি অবিহনে বিধানসভা পৰিচলনা হোৱাৰ দলে নোহোৱা নোপোজা ঘটনা ঘটিব বুলি সৰৱ হৈ পৰে। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ খিলঞ্জীয়া লোকৰ মনৰ কথা বুজ লৈ তেওঁলোকৰ সমস্যা সমাধান কৰাৰ বিপৰীতে কংগ্ৰেছে উচ্ছেদিত মিঞাক পুনৰ সংস্থাপনৰ লগতে মাটি-সম্পতি ঘূৰাই দিবলৈহে নির্বাচনত অৱতীৰ্ণ হ’ব বিচাৰিছে বুলি মুখপাত্ৰ গৰাকীয়ে মত পোষণ কৰে।
আন এক বিষয় উল্লেখ কৰি মুখপাত্ৰ গৰাকীয়ে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা ৰাজ্যৰ বিভিন্ন সত্র তথা ধর্মীয় অনুষ্ঠান সমূহত আয়োজিত দৌল উৎসৱৰ লগতে ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰে। বটদ্ৰৱা সত্ৰ পুনৰ নিৰ্মাণৰ পিছত এইবেলি ৫ দিনীয়াকৈ দৌল তথা ফাকুৱা উৎসৱৰ আয়োজন কৰা হৈছে। এই শুভক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি সত্ৰখন দ্বিতীয় বৈকুণ্ঠ পুৰীত পৰিণত কৰিছে।
গুৰুজনাৰ শিষ্য মাধৱদেৱৰ দ্বাৰা স্থাপিত নামনি অসমৰ বৰপেটা সত্ৰৰ পৱিত্ৰ দৌল উৎসৱৰ সমান্তৰালভাৱে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাটো উলহ-মালহেৰে অনুষ্ঠিত হোৱা ৰঙৰ উৎসৱে অসমত শংকৰ-মাধৱৰ অসমীয়াসত্বাক পুনৰ জিপাল কৰি তুলিছে বুলি মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰাৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰে।


































