নিত্য-প্রয়োজনীয় বয়-বস্তুৰ মূল্য আকাশলংঘী হোৱাৰ আশংকা প্ৰৱল কৰি অধিক পতন ঘটিল ভাৰতীয় টকাৰ মূল্যৰ। কালি একেদিনাই ৬৯ পইচা পতন ঘটাত সম্প্রতি এক ডলাৰ মার্কিন ডলাৰৰ মূল্য ভাৰতীয় টকাত ৯২.১৮ টকা হয়।
উল্লেখ্য যে বিগত কিছুমাহ ধৰি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ব্যাপক পতন ঘটি আছে। বিগত সময়ত ২৪ পইচা, ১৭ পইচা আদি হাৰত ভাৰতীয় টকাৰ মূল্যৰ অৱনমন ঘটে। সম্প্রতি এই অবনমন অধিক বৃদ্ধি পাইছে। ইয়াৰ কাৰণ ইৰানৰ স’তে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ যুদ্ধ বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে। টকাৰ মূল্যৰ এই চৰম অৱনতিয়ে বয়-বস্তুৰ মূল্য অধিক বৃদ্ধি ঘটোৱাৰো আশংকা কৰিছে বিশেষজ্ঞসকলে।
উল্লেখ্য যে যোৱা সোমবাৰে এক ডলাৰৰ মূল্য ভাৰতীয় মুদ্রাত ৯১.৪৯ টকা আছিল। কালি হোলীৰ পৰিপ্ৰেক্ষিতত মুদ্রাৰ বিনিময় বজাৰ বন্ধ আছিল। আজি এই বিনিময় বজাৰ মুকলিৰ পাছতে হোৰাহোৰে ভাৰতীয় মুদ্রাৰ মূল্য হ্রাস পাবলৈ ধৰে। লক্ষ্যণীয় যে মাথোঁ কিছু বছৰ আগলৈকে ভাৰতীয় মুদ্রাৰ মূল্যৰ এনে পতন দেখা নগৈছিল।
আনকি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৪ত ভাৰতীয় টকাৰ মূল্য মার্কিন ডলাৰৰ বিপৰীতে ৪০ টকালৈ উন্নীত কৰাৰ প্ৰতিশ্রুতিও দিছিল। কিন্তু বাস্তৱত ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি প্রতিফলিত হৈছে।
ইপিনে, ভাৰতৰ বাবে আন এক উদ্বেগৰ বতৰাও শেহতীয়াভাৱে আহিছে। ইৰানে মধ্য প্রাচ্যৰ বিভিন্ন দেশতো আক্রমণ সংঘটিত কৰাত এই দেশসমূহৰ গেছ আৰু তেলৰ উৎপাদন বন্ধ হৈ পৰিছে। ফলত ভাৰততো বন্ধন গেছৰ জটিল সংকট সৃষ্টি হোৱাৰ প্ৰবল হৈছে। কাৰণ ভাৰতে এই দেশসমূহৰ পৰা বৃহৎ হাৰত গেছৰ আমদানি কৰে।
তদুপৰি ভাৰত হৈছে বিশ্বৰ দ্বিতীয় বৃহৎ গেছ আমদানিকাৰী দেশ। ভাৰতে ঘাইকৈ মধ্য প্রাচ্যৰ দেশসমূহৰ পৰা গেছ আমদানি কৰে।
সম্প্রতি যুদ্ধৰ কবলত থকা এই দেশসমূহে তেল আৰু গেছৰ উৎপাদন বন্ধ ৰাখিছে। ইপিনে, বজাৰ বিশেষজ্ঞসকলৰ মতে খাৰুৱা তেলৰ প্ৰতি বেৰলৰ দাম এক ডলাৰ বৃদ্ধি পালেও ভাৰতৰ আমদানি খৰচ ১৬ হেজাৰ কোটি টকা বৃদ্ধি পাব। গতিকে অচিৰে ইন্ধনজাত তেলৰ দাম বৃদ্ধিৰো আশংকা প্রবল হৈছে। এই সম্পৰ্কত ফিনৰেক্স ট্রেজাৰী এডভাইজৰ্ছ এলএলপি প্রতিষ্ঠানৰ কোষাগাৰৰ মুৰব্বী তথা কার্যবাহী সঞ্চালক অনিল কুমাৰ ভাঞ্চালীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘তেলৰ দাম বৃদ্ধি পালে মুদ্রাস্ফীতিৰ আশংকা আছে আৰু ভাৰতৰ ওপৰত বিত্তীয় বোজা অধিক বৃদ্ধি পাব।’






























