বিগত ১১ বছৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শাসনত দেশৰ অৰ্থনীতি প্ৰচুৰ বৃদ্ধি-বিকাশ ঘটা বুলি চৰকাৰী পক্ষই জয়-ঢোল বজাই থকাৰ সময়তে ভাৰতীয় মুদ্রাৰ অৱস্থা শোচনীয়ৰ পৰা অধিক শোচনীয় হৈছে।
বিগত কিছুমাহ ধৰি হৈ থকা টকাৰ মূল্যৰ পতনৰ ধাৰা অব্যাহত থাকি কালি এক মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৯১.৯৯ টকা হয়; অর্থাৎ ৯২ টকা হ’বলৈ মাথোঁ এপইচাহে বাকী আছে। স্বাভাৱিকতে টকাৰ মূল্যৰ এই পতন হৈছে সর্বকালৰ সৰ্ববৃহৎ।
ভাৰতীয় মুদ্ৰাৰ মূল্যৰ এই ভয়াৱহ খহনীয়াই বিভিন্ন বয়বস্তুৰ দাম আকাশলংঘী কৰি তোলাৰ আশংকা কৰিছে অর্থনীতিবিদসকলে।
উল্লেখ্য যে চলিত বৰ্ষৰ এইকেইটা দিনতে ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ দুই শতাংশ হ্রাস পাইছে। মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰতীয় সামগ্ৰীত মাত্রাধিক তথা ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছৰ পৰা বৰ্তমানলৈ টকাৰ মূল্যৰ পতন পাঁচ শতাংশ হৈছে।
টকাৰ মূল্যৰ এই ভয়াৱহ খহনীয়াৰ আঁৰত একাধিক কাৰক জড়িত থকা বুলি প্রকাশ কৰিছে অর্থনীতিবিদসকলে। অর্থনীতিবিদসকলৰ মতে দেশৰ বজাৰলৈ বিদেশী মূলধনৰ আগমন হ্রাস পোৱাৰ লগতে কৰ্প’ৰেট খণ্ডই লোকচানৰ আশংকা কৰি বিনিয়োগৰ ক্ষেত্ৰত হাত ধৰি চলিছে।
এই দুটা কাৰকে মূলতঃ টকাৰ পতনত ভূমিকা পালন কৰিছে বুলি অর্থনীতিবিদসকলে মত পোষণ কৰিছে। এনে পৰিস্থিতিত টকাৰ মূল্যৰ পতন ৰোধৰ উদ্দেশ্যে ভাৰতীয় ৰিজার্ভ বেংকে পদক্ষেপ গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰৱল হৈছে।
লক্ষ্যণীয় যে কেৱল ডলাৰৰ বিপৰীতে নহয় শেহতয়ীভাৱে চীনৰ মুদ্রা য়ুয়ান আৰু ইউৰোপীয় সংঘৰ মুদ্রা ইউৰোৰ বিপৰীতেও ভাৰতীয় মুদ্রাৰ মূল্য উদ্বেগজনকভাৱে হ্রাস পাইছে। ট্রাম্পে শুল্ক ঘোষণা কৰাৰ পাছত আজিলৈ ইউৰো আৰু য়ুয়ানৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ৭.৫ শতাংশ হ্রাস পাইছে।
গতিকে চৰকাৰ পক্ষই আৰ্থিক উন্নয়নৰ যিমানেই দাবী নকৰক কিয়, দেশৰ অর্থনৈতিক অৱস্থা জটিল বুলি একাংশ অর্থনীতিবিদে মত পোষণ কৰিছে। উল্লেখ্য যে ভাৰতীয় ৰিজার্ভ বেংকৰ তথ্য অনুসৰি যোৱা ডিচেম্বৰত টকাৰ প্ৰকৃত কাৰ্যকৰী বিনিময়ৰ হাৰ ৯৫.৩ শতাংশ হয়। এই বিনিময় হাৰ বিগত এক দশকৰ ভিতৰতে সর্বনিম্ন।
টকাৰ মূল্যৰ এনে উদ্বেগজনক পতন সম্পর্কত গোল্ডমেন চকছৰ বিশ্লেষসকলে কয়, ‘ভাৰতীয় ৰপ্তানিজাত সামগ্ৰীৰ ওপৰত মার্কিন প্রশাসনে সর্বশেষত শুল্ক হ্রাস কৰিব বুলি আমি আশা কৰি আছো যদিও এই ক্ষেত্ৰত হোৱা পলমে ভাৰতৰ বাহ্যিক ভাৰসাম্য টানিছে।’ আনকি আগন্তুক ১২ মাহত ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য ৯৪ টকালৈ হ্রাস হ’ব পাৰে বুলিও উক্ত প্রতিষ্ঠানে মন্তব্য কৰিছে।






























