Currency:✒️প্ৰথমবাৰ কেন্দ্ৰৰ ক্ষমতালৈ অহাৰ পূৰ্বে ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য ৪০ টকা কৰাৰ প্ৰতিশ্ৰুতি দিয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শাসনতে টকাৰ বিপৰ্যয়ে সর্বকালৰ অভিলেখ ভংগ কৰিলে। মঙলবাৰে সন্ধিয়াৰ তথ্য অনুসৰি সম্প্রতি এক মার্কিন ডলাৰৰ মূল্য ভাৰতীয় মুদ্রাত ৯১.০৭৫০ টকা হৈছে।
উল্লেখ্য যে বিগত কিছুমাহ ধৰি ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ অভাৱনীয় পতন ঘটিছে। মূলতঃ মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰতীয় ৰপ্তানিকৃত সামগ্ৰীসমূহত আৰোপ কৰা ৫০ শতাংশ শুল্ক, দুয়োখন দেশৰ মাজত স্বাক্ষৰ হওঁ হওঁ অৱস্থাত ওলমি থকা বাণিজ্যিক চুক্তি, টকাৰ মূল্যৰ পতন ৰোধৰ বাবে উত্থাপন হোৱা দাবী, বিদেশী বিনিয়োগকাৰীৰ ধাৰাবাহিক বিনিয়োগ প্রত্যাহাৰ আদি কাৰকত টকাৰ এই অভূতপূর্ব পতন ঘটা বুলি চর্চা হৈছে।
কাৰণ এনেবোৰ কাৰকে মুদ্ৰাৰ বজাৰত প্ৰচণ্ড অনিশ্চয়তাৰ সৃষ্টি কৰি আছে। উল্লেখ্য যে যোৱা তিনি ডিচেম্বৰৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতীয় মুদ্ৰাৰ আজি বৃহৎ পতন ঘটে। এই পতনে ৯০ৰ ঘৰ অতিক্ৰম কৰে। এনেদৰে চলিত বৰ্ষত ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যৰ ৮.৫ শতাংশৰো অধিক পতন ঘটে। স্বাভাৱিকতে ইয়ে অর্থনীতিবিদসকলক উদ্বিগ্ন কৰিছে।
এনে অৱস্থাতে একাংশই আশংকা কৰা অনুসৰি আগন্তুক কিছুদিনৰ ভিতৰতে ভাৰতীয় মুদ্ৰাৰ মূল্য ৯২ টকালৈ হ্রাস পোৱাৰ সম্ভাৱনা আছে।
ইপিনে, একাংশ অর্থনীতিবিদে আশংকা কৰা অনুসৰি ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ প্ৰচণ্ড পতনে বজাৰত জুই জ্বলোৱাৰ আশংকা আছে। দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ পৰা আৰম্ভ কৰি চিকিৎসাজনিত ব্যয় অধিক বৃদ্ধিৰ আশংকা কৰিছে বহু অর্থনীতিবিদে।
কাৰণ চিকিৎসা প্রযুক্তিৰ বহু সামগ্ৰী ভাৰতে আমদানি কৰে। অৱশ্যে এনে অৱস্থাতো দেশৰ দুয়োখন শ্বেয়াৰ বজাৰ ঊর্ধ্বগামী হৈয়ে আছে। অথচ চলিত বর্ষত বিদেশী বিনিয়োগকাৰীয়ে ১৮ বিলিয়ন ডলাৰ অৰ্থাৎ ১২ হেজাৰ কোটি টকাৰো অধিক বিনিয়োগ প্রত্যাহাৰ কৰে।
অৱশ্যে ইয়ে মুদ্ৰাৰ বজাৰত প্ৰভাৱ পেলোৱা বুলি চর্চা হৈছে। এই সম্পর্কত এমইউএফজি নামৰ প্রতিষ্ঠানটোৱে কয়, ‘ট্রাম্পৰ শুল্কক লৈ সৃষ্টি হৈ থকা অনিশ্চয়তাই মূলতঃ টকাৰ পতনত ভূমিকা পালন কৰিছে। এনে অৱস্থাত আমি মুদ্ৰাৰ বজাৰত প্ৰৱেশ কৰিবলৈ সংকোচবোধ কৰিছো।’






























