Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

তিনি ইউডিএফ বিধায়কৰ সমৰ্থনৰে ৰাজ্যসভাত মনোনয়ন এনডিএ প্ৰাৰ্থীৰ

publisher by publisher
March 6, 2026
in News, Assam
Reading Time: 1 min read
0
তিনি ইউডিএফ বিধায়কৰ সমৰ্থনৰে ৰাজ্যসভাত মনোনয়ন এনডিএ প্ৰাৰ্থীৰ
2
SHARES
17
VIEWS
ShareShareShareShare

বিৰোধীৰ দুৰ্বল সংখ্যাৰ বাবেই প্রত্যাশিতভাবে ৰাজ্যসভালৈ যোৱাৰ পথ প্রশস্ত হ’ল শাসকীয় এনডিএৰ তিনি প্রার্থী ক্রমে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, বিধায়ক তেৰছ গোৱালা আৰু বিটিচিৰ সদ্যপ্ৰাক্তন মুৰব্বী প্রমোদ বড়োৰ। কালি এই তিনিওজনে দাখিল কৰিলে মনোনয়ন। ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ ৰিটার্ণিং বিষয়াৰ হাতত বৃহস্পতিবাৰে তিনিওজনে মনোনয়ন দাখিলৰ সময়ত অৱশ্যে মিত্র দল অগপক এখন আসন কিয় দিয়া নহ’ল এই প্রশ্ন অনুৰণিত হৈয়ে ৰ’ল ৰাজনৈতিক মহলত। তদুপৰি সম্প্রতি মিত্রতাব বান্ধোনত বিজেপিৰ স’তে একাত্ম হোৱাৰ বাৰ্তা বাৰে বাৰে প্রকাশ কৰা হাগ্রামা মহিলাৰীৰ নেতৃত্বৰ বিটিএডিৰ শাসক দল বিপিএফক এৰি নিদিয়াৰ আঁৰৰ সমীকৰণক লৈও চর্চা অব্যাহত আছে।

ADVERTISEMENT

উৎফুল্লিত প্রার্থী!

RelatedPosts

No Content Available

সূত্রত প্রকাশ যে অগপই এই আসন পুনৰবাৰ বিচাৰিছিল যদিও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই ক্ষেত্রত কোনো সঁহাৰি নজনালে। উল্লেখ্য যে আজি দিছপুৰত মনোনয়ন দাখিলৰ সময়ত উপস্থিত আছিল কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, অতুল বৰা, কেশৱ মহন্ত, ঊখাও গৌৰা ব্রহ্ম, পীযুষ হাজৰিকা, বঞ্জিত কুমাৰ দাস, বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা নির্বাচন প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা আদি।

উল্লেখ্য যে অহা ১৬ মার্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নির্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন আছিল। বিধায়ক গোৱালাই আজি চাইকেল চলাই মনোনয়ন দাখিল কৰিবলৈ আহি সকলোৰে দৃষ্টি আকর্ষণ কৰে। তেওঁ যথেষ্ট উৎফুল্লতাৰে কয়, ‘দিল্লীৰ ৰাজ্যসভালৈ যাবলৈ ওলাইছো। সংসদত নিৰাপত্তা বেষ্টনীত মোক চাইকেল চলাবলৈ অনুমতি দিয়ে নে নিদিয়ে নাজানো। মই ২০১৬ত মই গুৱাহাটীলৈ অহাৰ লগে লগে বন্ধু এজনে চাইকেল এখন যোগাৰ কৰি দিছিল। প্রথম দৰমহাৰে চাইকেলখন কিনিছিলো। এই চাইকেলৰ আজি ১০ বছৰ হ’ল।’

তেওঁ কয় যে মনোনয়ন দাখিল কৰিবলৈ তেওঁ অহা চাইকেলখনৰ স’তে তেওঁৰ বহু স্মৃতি জড়িত হৈ আছে। চাইকেলে তেওঁক বহুত প্ৰেৰণা দিয়া বুলিও কয় গোৱালাই। বিধায়কজনে কয়, ‘চাইকেলে কয় দুখীয়া মানুহৰ আৰ্তনাদত কি আছে। গাড়ীত গ’লে বহু কথা অনুভৱ কৰিব নোৱাৰি।’ সূত্ৰত প্রকাশ যে গোৱালাই আকস্মিকভাবেই টিকট লাভ কৰি অতি উৎফুল্লিত হৈছে। এই স্থানত পুনৰবাৰ ৰামেশ্বৰ তেলীকেই প্রার্থিত্ব দিয়া হ’ব বুলি ধাৰণা আছিল। তেওঁ নিজেও ভবা নাছিল যে এই ৰাজনৈতিক যাত্রা দিল্লীলৈ অগ্ৰসৰ হ’ব। দিল্লী বহুদূৰ বুলি ভাবি থাকোতেই গোৱালাই এই বার্তা লাভ কৰি উৎফুল্লিত হোৱা বুলি ঘনিষ্ঠ মহলত প্রকাশ। আজি তেওঁ মনোনয়ন দাখিলৰ পাছত কয় যে দলে দিয়া দায়িত্ব অনুসৰি ৰাজ্যসভালৈ যাবলৈ সাজু হৈছে। বিধানসভাতো তেওঁ বহু কথা উত্থাপন কৰিছিল বুলি উল্লেখ্য কৰি তাৎপর্যপূর্ণভারে এই কথাও কয় যে আগন্তুক বিধানসভাৰ বাবে তেওঁ সম্পূর্ণ প্রস্তুতি চলাইছিল।

তেওঁ কয়, ‘অসম আৰু অসমীয়াৰ কথা সদায়ে প্রথম স্থানত উত্থাপন কৰিম। বিধানসভাতো মই প্রশ্ন উত্থাপন কৰিছিলো। মই আগন্তুক বিধানসভাৰ বাবে সম্পূর্ণ প্রস্তুতি চলাইছিলো। কিন্তু দলে ৰাজ্যসভালৈ যাবলৈ দিয়াৰ দায়িত্ব মই মানি ল’লো। কর্মকর্তাসকলে প্রস্তুতি চলাই আছিল বাবে দুঃখিত হৈছে। আজি সকলো আৱেগিক হৈছে। মই দূৰলৈ যোৱা নাই। দুলীয়াজান সমষ্টিতে থাকিম আৰু ৰামেশ্বৰ তেলীয়ে দুলীয়াজান সমষ্টিৰ পৰা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

গোৱালাই কয় যে সম্মুখৰ পৰা তেলীৰ বাবে নেতৃত্ব দিব। মন্ত্রিত্বৰ আকাংক্ষা নাই বুলিও তেওঁ একপ্ৰকাৰ প্ৰকাশ কৰে। ইপিনে, ২০১৬ৰ পৰা মাহমৰা সমষ্টিক প্রতিনিধিত্ব কৰি অহা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৰ্তমানৰ কে’বাটাও গুৰুত্বপূর্ণ বিভাগৰ মন্ত্রী যোগেন মহনক ৰাজ্যসভালৈ প্রেৰণ কৰাত তেওঁৰ সমষ্টিৰ দলীয় কৰ্মকর্তাসকল অতি ক্ষুণ্ণ হৈছে আৰু তেওঁৰ মৰাণৰ ঘৰৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰে। আজি মনোনয়ন দাখিলৰ পাছত মহনে কয় যে সমষ্টিবাসীৰ স’তে তেওঁৰ এক নিবিড় সম্পর্ক আছিল আৰু সেয়েহে স্বাভাৱিকতে আৱেগিক হৈছে। সমষ্টিবাসী ৰাইজে তেওঁক বিধায়ক হিচাপে বিচাৰিছিল যদিও ৰাষ্ট্ৰীয় নেতৃত্বই যিদৰে বিচাৰিব সেইদৰে কাম কৰিব লাগিব বুলিও তেওঁ কয়। তেওঁ কয়, ‘ৰাজ্যসভালৈ গ’লেও অসমৰ হৈ কাম কৰিম। এতিয়া মোৰ পৰিসৰ ডাঙৰ হ’ল। ৰাইজৰ হৈ বহু কাম কৰাৰ শক্তি বাঢ়িল। তাৰ বাবে দুখ কৰাৰ কোনো কথা নাই। ৰাইজৰ আৱেগক মই সম্মান জনাইছো। ইয়াত ব্যক্তিগতৰ কথা নাই। দলে যি দায়িত্ব দিব তাক পালন কৰিম।’

ইপিনে, তৃতীয়খন আসনৰ বাবে মনোনয়ন দাখিল কৰা ইউপিপিএলৰ মুৰব্বী প্রমোদ বড়োবে সংবাদ মাধ্যমক কয়, ‘দলৰ সিদ্ধান্ত অনুসৰি আজি মই ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে মনোনয়ন দাখিল কৰিলো। আশা ৰাখিছো নিৰ্বাচনৰ সময়ত তৃতীয়খন আসনৰ বাবে আমি বিভিন্ন দলৰ বিধায়কৰ পৰা সমর্থন পাম। বড়োলেণ্ডকে ধৰি অসম তথা উত্তৰ-পূর্বাঞ্চল আৰু ভাৰতৰ কাৰণে কাম কৰাৰ সুবিধা পাম বুলি আশা ৰাখিলো।’ ইপিনে, মনোনয়ন দাখিলৰ পাছত সামাজিক মাধ্যম ‘এক্স’ত বড়োৱে কয়, ‘আজি এনডিএৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত ইউপিপিএলৰ ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে অসমৰ পৰা মোৰ মনোনয়ন দাখিল কৰিলো।’

বিৰোধীয়ে নিদিলে প্রার্থী

মনকৰিবলগীয়া যে তৃতীয়খন আসনৰ বাবে বিৰোধীৰ শক্তিৰ জোৰ আছিল যদিও কংগ্ৰেছ আৰু এআইইউডিফৰ ছজন বিধায়কে দলৰ পৰা আঁতৰি চৰকাৰক সমর্থন দি অহা বাবে সংখ্যাত বিৰোধী দুর্বল হয়। কমলাক্ষ্য দে পুৰকায়স্থ, বসন্ত দাস আৰু শশীকান্ত দাসে বিগত কে’বা বছৰ ধৰি বিজেপিক সমর্থন দি অহাৰ পাছত আজি আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰে। এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা, নিজামউদ্দিন চৌধুৰী আৰু জাকিৰ হুছেইন সৰকাৰেও দলৰ পৰা নিজকে বিচ্ছিন্ন কৰাত ঐক্যবদ্ধ বিৰোধীৰ সংখ্যা নির্ণয় কৰাটো জটিল হয়। ইপিনে, একে সময়তে এআইইউডিএফৰ স’তে কংগ্ৰেছে দূৰত্ব বজাই ৰাখিছে।

ইপিনে, কালি মনোনয়ন দাখিলত উপস্থিত থকা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে শাসকীয় মিত্রজোটৰ তিনিজন প্রার্থীয়ে অসমৰ বিভিন্ন প্রত্যাশাৰ প্ৰতিফলন ঘটালে। তেওঁ কয়, ‘নিশ্চিতভাবে অসমৰ জাতীয় জীৱনৰ বাবে অত্যন্ত গুরুত্বপূর্ণ কথা। তিনিওগৰাকী প্রার্থীয়ে অসমৰ শক্তিশালী তিনিটা জনগোষ্ঠীক প্রতিনিধিত্ব কৰাৰ লগতে সমগ্র ৰাইজৰ হকে জনসেৱাৰ কামত নিষ্ঠাৰে আত্মনিয়োগ কৰি আহিছে।’

তদুপৰি তেওঁ কয়, ‘আমি যৌথভাৱে আগন্তুক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিম। অসমৰ ৰাইজে অসমৰ উন্নয়নৰ গতি ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত পুনৰ বিজেপি নেতৃত্বাধীন মিত্রজোটৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব।’

উল্লেখ্য যে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে তৃতীয়খন আসনৰ বাবে বিৰোধীৰ উমৈহতীয়া প্রার্থীৰূপে তেওঁক প্রক্ষেপ কৰিব লাগে বুলি কংগ্ৰেছৰ সমর্থন বিচাৰিছিল।

বাঘে-ছাগে একে ঘাটতে পানী খালে

উল্লেখ্য যে বিগত বৰ্ষৰ বিটিচি নির্বাচনত শোচনীয় পৰাজয় বৰণৰ পাছত ইউপিপিএল আৰু বিজেপিৰ মাজত মিত্রতা কি পর্যায়ত আছে তাকে লৈ চর্চা অব্যাহত থাকে। বৰ্তমানৰ বিটিচিৰ মুৰব্বী হাগ্রামা মহিলাৰীৰ স’তে ক্রমশঃ ঘনিষ্ঠতা বৃদ্ধি পাইছে। অৱশ্যে এনডিএৰ স’তে বড়োৰ ইউপিপিএলৰ মিত্রতা অব্যাহত আছে। আজি লক্ষ্যণীয়ভাবে বড়োৰ মনোনয়ন পত্ৰত স্বাক্ষৰ কৰা ২০ গৰাকী সমর্থক বিধায়কৰ তালিকাত এআইইউডিএফৰ তিনি বিধায়কৰ নাম থকাৰ কথা পোহৰলৈ আহে। সুত্রত প্রকাশ যে আলগাপুৰৰ নিজামুদ্দিন চৌধুৰী, হাইলাকান্দিৰ জাকিৰ হুছেইন লস্কৰ আৰু সোণাইৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই বড়োৰ মনোনয়নত স্বাক্ষৰ কৰে। অৱশ্যে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্রমোদ বড়োবে কোনো প্রতিক্রিয়া প্রকাশ নকৰিলে।

তেওঁ পৰিৱৰ্তে কয়, ‘মনোনয়ন পত্রত ২০জন বিধায়কে চহী কৰিছে। নামবোৰ পাই যাব। যিসকলে চহী কৰিছে মই সকলোকে ধন্যবাদ জনাইছো।’ উল্লেখ্য যে কালি কৰিমউদ্দিন বৰভূএগই দীর্ঘদিনীয়া চৰ্চাৰ পাছত আনুষ্ঠানিকভাবে এআইইউডিএফ ত্যাগ কৰে। বাকী দুজনক বহু পূর্বতে এআইইউডিএফে নিলম্বিত কৰিছে। মুখ্যমন্ত্রী শর্মাই ‘মিঞাৰ দল’, অচিনাকিৰ দল আদি বুলি অভিহিত কৰি থকা এআইইউডিএফৰ সমর্থনলভা বড়োক কিয় সমর্থন কৰিবলৈ আগবাঢ়িছে তাকে লৈ ৰাজনীতিত বাঘে-ছাগে একেলগে পানী খালে বুলি চর্চা চলিছে। যি সময়ত মুখ্যমন্ত্রী শর্মাই বাংলাদেশীমূলৰ সংখ্যালঘু মুছলমানক অচিনাকি বুলি অহৰহ কৈ আহিছে সেই সময়তে তেনে অচিনাকি বিধায়কৰ সমর্থন গ্ৰহণ কৰি এনডিএৰ প্ৰাৰ্থীৰূপে বড়োৰ ৰাজ্যসভালৈ যোৱাৰ পথ নিশ্চিত হ’ল। দলৰ মুৰব্বীৰ আজমলৰ সমৰ্থন অবিহনে এয়া সম্ভর নে বুলিও প্রশ্ন উঠিছে। তেওঁ নিজে প্রার্থিত্ব বিচাৰিছিল যদিও ইয়াৰ বিপৰীতে তেওঁৰ দলৰ বিধায়কে এনডিএব প্রার্থী বুলি সমর্থন দিয়াৰ ফলত এআইইউডিএফ এনডিএৰ অংশীদাৰ হ’ল নেকি এয়া প্রশ্নও আছে।

কালিৰ দিনটোত এইদৰে বড়োৱে এআইইউডিএফৰ তিনি বিধায়কৰ সমর্থন গ্রহণ কৰাটোৱে বিভিন্নজনকে হতবাক কৰিছে। উল্লেখ্য যে বিজেপিৰ সাংসদ ৰামেশ্বৰ তেলী, ভুবনেশ্বৰ কলিতা আৰু আঞ্চলিক গণমৰ্চাৰ অজিত কুমাৰ ভূঞাৰ খালী হোৱা আসন পূৰণ কৰিব এই তিনি বিধায়কে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: UDF
publisher

publisher

Related Posts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী
News

May 5, 2026
Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d