Dispur Theft :
মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ চাফাই অভিযান। নিশা হ’লেও মহানগৰীৰ অলিয়েগলিয়ে পিয়াপি দি ফুৰে চোৰে ৷ গৃহস্থৰ অনুপস্থিতিৰ সুযোগ বুজি চোৰে চলাই চাফাই অভিযান ৷ আনহাতে চোৰৰ সন্ত্ৰাসত সন্তস্ত মহানগৰবাসীৰ বাৰম্বাৰ অভিযোগত শেহতীয়াকৈ দিছপুৰ আৰক্ষীৰ নিয়মীয়া টহল বৃদ্ধি পোৱাৰ মাজতে আৰক্ষীৰ জালত পৰে দুই গভাইত চোৰ । ধৃত চোৰ দুটা হ’ল পাটাছাৰকুছিৰ আজমল আলী আৰু লাহৰীঘাটৰ মেহেদী আলম ৷ আনহাতে দুই চোৰৰ আন এক সংগী চাহাবুদ্দিন খানৰ ঘৰৰ পৰা বুজন পৰিমাণৰ তামৰ তাঁৰ উদ্ধাৰ কৰে। অৱস্থা পলাতক অৱস্থাত আছে কুখ্যাত চাহাবুদ্দিন ৷
ADVERTISEMENT




































