New Governor Appointed:
অসম,পশ্চিমবংগ সহ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সলনি ৰাজ্যপাল। পশ্চিমবংগৰ ৰাজ্যপাল চিভি আনন্দ বসুৱে হঠাতে পদত্যাগ কৰাত তেওঁৰ স্থানত নতুনকৈ ৰাজ্যপালৰ দায়িত্ব দিয়া হয় আৰ এন ৰবিক ৷ একেদৰে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয় ত্ৰিপুৰাৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা টিপ্ৰা সম্প্ৰদায়ৰ শক্তিশালী নেতা জিষ্ণু দেৱবাৰ্মাক ৷
ADVERTISEMENT
আনহাতে তেলেংগানাত শিৱ প্ৰসাদ গুপ্তা ,নাগালেণ্ডত নন্দ কিশোৰ যাদৱ,বিহাৰত ছায়িদ আটা হুছেইন আৰু হিমাচল প্ৰদেশত কবিন্দৰ গুপ্তাক নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে দেশৰ ৰাষ্ট্ৰপতিয়ে I




































