Justice Surya Kanth takes Oath as CJI:
সোমবাৰে ভাৰতৰ ৫৩ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ সূৰ্য কান্তে। ন্যায়াধীশ সূৰ্য কান্তক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শপত বাক্য পাঠ কৰাই I ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,ৰাজ্যসভাৰ নেতা তথা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাকে ধৰি কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ মন্ত্ৰীসকল I
একেদৰে উপস্থিত থাকে কেন্দ্ৰীয় আইন মন্ত্ৰালয়ৰ স্বতন্ত্ৰ দায়িত্বপ্ৰাপ্ত ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল ,সদ্য বিদায়ী মুখ্য ন্যায়াধীশ বি আৰ গাভাই, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ,প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, বহিঃৰাজ্যৰ পৰা অহা ন্যায়াধীশৰ এটা দল, আৰু অন্যান্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ। লগতে উপস্থিত থাকে ন্যায়াধীশ সূৰ্য কান্তৰ পৰিয়ালৰ সদস্যসকল ।
উল্লেখ্য যে ন্যায়াধীশ দেশৰ বিচাৰ ব্যৱস্থাৰ সৰ্বোচ্চ পদত প্ৰায় ১৫ মাহ কাৰ্যনিৰ্বাহ কৰিব। তেওঁ হিন্দীত শপত গ্ৰহণ কৰে।



































