Iran:✒️ইৰানক ধ্বংস কৰিবলৈ নিজৰ সৰ্বাধুনিক বিমানবাহী যুদ্ধ জাহাজ ‘ইউএছএছ জেৰাল্ড আৰ ফ’ৰ্ড’ প্ৰেৰণ কৰিছে আমেৰিকাই; কিন্তু সেই ৰণতৰীতেই আৰম্ভ হৈছে আন এক যুদ্ধ। প্রায় পাঁচ হেজাৰ নাবিক আৰু সেনাক পেটৰ ভিতৰত লৈ জেৰাল্ডে সাগৰৰ বুকুত ৰণডংকা বজালেও সেই যুদ্ধ জাহাজৰ ভিতৰৰ দুৰৱস্থাৰ বাবে তথৈবচ অৱস্থা হৈছে মার্কিন নৌ সেনাৰ।
প্রাপ্ত তথ্য অনুসৰি, এই যুদ্ধ জাহাজৰ শৌচাগাৰৰ বর্জ্যনিষ্কাসন ব্যৱস্থাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। শৌচাগাৰলৈ যোৱাৰ বাবে কার্যতঃ যুদ্ধ কৰিবলগীয়া হৈছে নৌসেনা জোৱানসকলে।
পৰিস্থিতি ইমানেই গুৰুতৰ হৈ পৰিছে যে একো একোজন জোৱানে ৪৫ মিনিট পর্যন্ত শৌচাগাৰৰ সন্মুখত শাৰীত থিয় দি থাকিবলগীয়া হৈছে।
আন্তর্জাতিক সংবাদ মাধ্যম এনপিআৰ আৰু ৱাল স্ট্রীট জাৰ্ণেলৰ প্রতিবেদন অনুসৰি, সেই জাহাজখনৰ বর্জ্যনিষ্কাসন ব্যৱস্থা অত্যন্ত শোচনীয়। প্রাপ্ত তথ্য অনুসৰি, জাহাজখনত বর্জ্য পৰিষ্কাৰ কৰা নলীসমূহ বাৰে বাৰে বন্ধ হৈ পৰিছে। জাহাজখনৰ ভেকুৱাম ছিষ্টেম ইমানেই জটিল যে কোনোপধ্যেই তাক ঠিক কৰাটো সম্ভৱ হোৱা নাই।
ফলত কোনো বন্দৰত উপস্থিত নোহোৱা পর্যন্ত জাহাজখনৰ সমস্যা সমাধান করাও সম্ভৱ নহয়। আনহাতে, যুদ্ধৰ প্রকোপত নিজৰ অৱস্থান সলনি কৰাও সম্ভৱ নহয়। সকলো মিলাই দুর্ভোগে চৰম ৰূপ ধাৰণ কৰিছে। এই তথ্য পোহৰলৈ অহাৰ লগে লগে সামাজিক মাধ্যমত হাঁহিৰ খোৰাক হৈ পৰিছে মার্কিন সেনা।
এই ঘটনাক বহুতে সামাজিক মাধ্যমত ‘টয়লেট ৱাৰ’ বুলিও অভিহিত কৰিছে। অৱশ্যে মার্কিন সেনাই দাবী কৰিছে যে এই সমস্যাই যুদ্ধত কোনো প্রভাব নেপেলাব। অবশ্যে পৰিস্থিতিয়ে ইমানেই গুৰুতৰ আকাৰ লৈছে যে যোদ্ধাসকলৰ মনোবলো নিম্নগামী হৈছে।
প্রাপ্ত তথ্য অনুসৰি, বিগত জুনৰ পৰাই জাহাজখনে একেৰাহে সাগৰত অৱস্থান কৰি আছে। প্রথমে ভূমধ্য সাগৰত অৱস্থান কৰাৰ পাছত জাহাজখনে সম্প্রতি কেৰিবিয়ান সাগৰ পাৰ হৈ ইৰানৰ নিকটৱৰ্তী সাগৰত অৱস্থাত কৰি আছে। এই যুদ্ধৰ প্ৰকোপতে বিগত আঠ মাহৰ পৰা জাহাজখনে সাগৰত ঘূৰি ফুৰিছে।
ইয়াৰ মাজতে শৌচাগাৰৰ সমস্যাত জৰ্জৰিত হৈ স্বাভাৱিকতে নৌসেনা জোৱানসকল ক্ষুব্ধ হৈ পৰিছে। উক্ত ৰণতৰীৰ কেপ্টেইন ডেভিদ স্কাৰোছিয়ে এক পত্রত স্বীকাৰ কৰিছে যে অভিযানৰ ম্যাদ দ্বিতীয় দফাত পুনৰ বৃদ্ধি কৰাত তেওঁ নিজেও অবাক হৈছে। কোনো ধৰণৰ যুদ্ধ নাথাকিলে সাধাৰণতে সাগৰত এই ৰণতৰীৰ অভিযান থাকে ছমাহলৈ।
প্রয়োজন অনুসৰি পৰৱৰ্তী সময়ত সময় বৃদ্ধি কৰিলেও এইবাৰ অনুমানতকৈ বেছি সময় জাহাজখনে সাগৰত ঘূৰি ফুৰিছে। ৰক্ষণাবেক্ষণৰ কাম ব্যাহত হোৱাৰ নেপথ্যত সেইটোৱেই মূল কাৰণ।
নৌসেনাৰ এজন বিষয়াই সংবাদ মাধ্যমক জনাইছে যে জাহাজখনৰ ৬৫০টা শৌচাগাৰৰ বর্জ্য নিষ্কাসনৰ ব্যৱস্থাত অনর্গলভাৱে সমস্যাই দেখা দি আছে। পৰিস্থিতি ইমানেই গুৰুতৰ যে সমস্যা নিৰাময়ৰ বাবে প্রতিদিনে চাফাইকর্মীক মাতিবলগীয়া হৈছে। ফলত জাহাজত থকা নৌসেনা জোৱানসকলৰ সমস্যাই গুৰুতৰ আকাৰ লৈছে। শৌচাগাৰৰ সন্মুখত একো একোজনে ৪৫ মিনিট পর্যন্ত সময় থিয় দিবলগীয়া হৈছে।






























