Rajyasabha Election Result:
সোমবাৰে ঘোষণা কৰা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল। পূৰ্ব নিৰ্ধাৰিত অনুসৰিয়ে বিজেপিৰ দুই প্ৰাৰ্থী যোগেন মহন ,তেৰশ গোৱালা আৰু ইউপিপিএলৰ প্রমোদ বড়োৱে বিনা প্রতিদ্বন্দ্বিতাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয় ৷
উল্লেখ্য যে অসমৰ তিনিখন আসন খালী হোৱাৰ বাবে বিজেপিৰ দুই প্ৰাৰ্থী যোগেন মহন ,তেৰশ গোৱালা আৰু ইউপিপিএলৰ প্রমোদ বড়োৱে ৫ মাৰ্চত মনোনয়নপত্ৰ দাখিল কৰিছিল ৷ অৱশ্যে বিৰোধীৰ পৰা কোনো প্ৰাৰ্থী নোলোৱাত তিনিওজনে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছিল মনোনয়নপত্ৰ দাখিলৰ ৫ মাৰ্চতে ৷
আনহাতে বিজেপিৰ দুই প্ৰাৰ্থী যোগেন মহন ,তেৰশ গোৱালা আৰু ইউপিপিএলৰ প্রমোদ বড়োৱে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰাৰ পিছতে তিনিওকে আনুষ্ঠানিকভাৱে অসম বিধানসভা সচিবালয়ত ৰিটাৰ্ণিং বিষয়াই আনুষ্ঠানিকভাৱে প্ৰদান কৰে বিজয়ীৰ প্ৰমাণ পত্ৰ ৷































