ADRE Result:
সকলো উৎকণ্ঠাৰ অন্ত পেলাই আজি ঘোষণা কৰা হ’ল ADRE ৰ তৃতীয় বৰ্গৰ পদৰ চুড়ান্ত ফলাফল ৷ পৰীক্ষাৰ বাবে আবেদন কৰিছিল ৰাজ্যৰ ২৩,৮৫,৪২১ গৰাকী প্রার্থীয়ে। ইয়াৰে ১৭,৩১,৬১৬ গৰাকী প্রার্থী অৱতীৰ্ণ হয় লিখিত পৰীক্ষাত ৷
আনহাতে স্কীল টেষ্টৰ বাবে অৱতীৰ্ণ হৈছিল ১৬,২৯৫ গৰাকী প্রার্থীয়ে ইয়াৰে ১৩,৮৭৭ গৰাকী প্রার্থীয়ে লাভ কৰে বাছনি ৷ লিখিত আৰু স্কীল টেষ্টৰ নম্বৰৰ ভিত্তিত তৃতীয় শ্ৰেণীৰ পদৰ বাবে বাছনিকৃত কৰা হয় ৭,৬৫০গৰাকী প্ৰাৰ্থীক ৷
আনহাতে ৭,৬৫০গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৫১৬ টা অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ,১৬৩টা পদ আদিবাসীৰ বাবে ,অনুসূচিত জাতিৰ বাবে ৫২৪ জন,অনুসূচিত জনজাতি ভৈয়ামৰ ৭৪৩ প্রার্থী ,অনুসূচিত পাহাৰীয়া জনজাতিৰ বাবে ৩৫২ প্রার্থী, সাধাৰণ শ্ৰেণীৰ ৪,৩৫২ প্রার্থী ,প্রাক্তন কৰ্মচাৰীৰ বাবে ১১৭ টা পদ আৰু দিব্যাংগৰ বাবে সংৰক্ষিত কৰা হয় ২১৫ টা পদ৷ অৱশ্যে EWSৰ বাবে কৰা হোৱা নাই কোনো সংৰক্ষণৰ ব্যৱস্থা ৷
ADVERTISEMENT


































