Artificial shortage of LPG Cylinder:
মধ্য প্ৰাচ্যত অব্যাহত থকা যুদ্ধৰ প্ৰভাৱ অৱশেষত পৰিল ভাৰতত। ৰন্ধন গেছৰ কৃত্ৰিম নাটনি সৃষ্টি হয় দেশত ৷ তয়াময়া যুদ্ধৰ বাবে ৰন্ধন গেছৰ নাটনিৰ ফলত ইতিমধ্যে দেশৰ কে’বা খনো বৃহৎ মহানগৰীৰ হোটেল- ৰেষ্টুৰেণ্ট বন্ধ হোৱাৰ উপক্ৰম হৈছে ৷
বিশেষকৈ দেশৰ ৰাজধানী চহৰ দিল্লী ,মুম্বাই, বেংগালুৰুত হোটেল-ৰেস্তোঁৰাত ব্যাপক নাটনি হৈছে ৰন্ধন গেছৰ ৷ ইয়াৰ মাজতে চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নিয়ম বান্ধি দিছে কেন্দ্ৰীয় চৰকাৰে ৷ নতুন নিৰ্দেশনা অনুসৰি চিলিণ্ডাৰ বুকিঙৰ সময়সীমা বৃদ্ধি ২৫ দিনলৈ ৷ এটা চিলিণ্ডাৰ পোৱাৰ ২৫দিনৰ পাছতহে গ্ৰাহকে গেছ বুকিং কৰিব পাৰিব ৷ উল্লেখ্য যে পূৰ্বতে ইয়াৰ সময়সীমা আছিল ১৫ দিন ৷ আনহাতে ৰন্ধন গেছৰ কৃত্ৰিম নাটনি সৃষ্টি নকৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷



































