Meghalaya police attacked in Haryana:
হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ ৷ এটিএম ডকাইতিৰে জড়িত থকা মুল অভিযুক্তক গ্ৰেপ্তাৰৰ সময়তে মেঘালয়ৰ আৰক্ষী দলটোক আক্ৰমণ কৰে এচাম উন্মাদ লোকে ৷ আনকি মুল অভিযুক্ত ৰাহুল খানক নূহ জিলাৰ ৱাজিদপুৰ-শিক্ৰাৱা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰি গাড়ীৰে আনি থকা সময়ত আদবাটতে অভিযুক্ত খানক মুক্ত কৰিবলৈ অপ্ৰাণ চেষ্টা চলায় উন্মাদ দলটোৱে । যাৰবাবে মেঘালয় আৰক্ষী দলৰ লগতে থকা হাৰিয়ানা আৰক্ষীয়ে প্ৰথমে পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰে যদিও আৰক্ষীক আক্ৰমণ কৰে পুনৰ গুলীচালনা কৰাত আঘাতপ্রাপ্ত হয় এজন যুৱক ৷ আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ১২ জন লোকৰ বিৰুদ্ধে গোচৰ ৰজু কৰি কৰায়ত্তৰ বাবে অভিযান আৰম্ভ কৰিছে ৷ এই ভয়ংকৰ ঘটনা সংঘটিত হয় মঙলবাৰে সন্ধিয়া I
নুহ আৰক্ষীৰ মতে, ছিক্ৰোৱা গাঁৱৰ সমীপৰ পিনাংগোৱা থানা এলেকাত মেঘালয় আৰু হাৰিয়ানা আৰক্ষীৰ এটা যৌথ দলে এটিএম ডকাইতিৰ গোচৰৰ সৈতে জড়িত মহম্মদ ৰফিকৰ পুত্ৰ তথা ৱাজিদপুৰ গাঁৱৰ নিবাসী ৰাহুল খানক ট্ৰেনজিট ৰিমাণ্ডত মেঘালয়লৈ লৈ গৈ থকা অৱস্থাত আৰক্ষীক আক্ৰমণৰ ঘটনা সংঘটিত হয়।
নুহ এ এছ পি আয়ুষ যাদৱৰ মতে, মঙলবাৰে সন্ধিয়া এখন হোটেলৰ সমীপত এই ঘটনা সংঘটিত হয়, য’ত অভিযুক্তই হঠাতে আৰক্ষীৰ বাহনখনৰ ষ্টিয়াৰিং ধৰি উলটিবলৈ চেষ্টা কৰে। ঘটনাস্থলীত মহিলাসহ প্ৰায় ২০-৩০ জন লোকে সমবেত হৈ আৰক্ষীৰ গাড়ীখন ঘেৰাও কৰি আৰক্ষী জোৱানৰ পৰা গাড়ীৰ চাবি আৰু অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লৈ অভিযুক্তক মুক্ত কৰাৰ চেষ্টা চলাইছিল বুলি অভিযোগ উঠিছে।
পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ লগে লগে আৰক্ষীৰ দলটো এচাম উন্মাদ লোকৰ আক্ৰমণৰ বলি হোৱাৰ লগে লগে গুলীচালনা কৰি ভিৰটোক ছত্ৰভংগ দিবলৈ। গুলীচালনাৰ সময়ত ছিকৰাৱা গাঁৱৰ বাসিন্দা তাৰিফ খানৰ ভৰিত গুলীৰ আঘাত প্ৰাপ্ত হয়পোৱা। ততাতৈয়াকৈ তেওঁক পিজিআইএমএছ ৰোহটকলৈ লৈ যোৱা হয় য’ত তেওঁৰ অৱস্থা সুস্থিৰ বুলি উল্লেখ কৰা হৈছে।
আনহাতে মেঘালয়ৰ ইষ্ট খাছি হিলছ থানাৰ এছ আই আৰ্কিদালাং ৱাহলাঙৰ অভিযোগৰ ভিত্তিত পিনাংগৱা আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰে। ঘটনাস্থলীত আৰক্ষী আৰু ফৰেনছিক দল উপস্থিত হৈ প্ৰমাণ সংগ্ৰহ কৰি দুটা খালী কাৰ্টিজ আৰু তেজৰ নমুনা উদ্ধাৰ কৰে।
মেঘালয়ৰ আৰক্ষী বিষয়াসকলে দাবী কৰা মতে, দিল্লীৰ দ্বাৰকা আৰু ডাবৰি থানাত পঞ্জীয়ন হোৱা গোচৰকে ধৰি একাধিক এটিএম চুৰিৰ গোচৰত ৰাহুল খানক বিচাৰি থকা হৈছে। অসম আৰু অৰুণাচল প্ৰদেশত সংঘটিত হোৱা এটিএম কটাৰ ঘটনাত তেওঁৰ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ।




































