Election Commission of India:✒️ভাৰতৰ ‘Election Commission of India’এ আজি অসমসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিব। দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত ভোটগ্ৰহণৰ তাৰিখ, পৰ্যায়ভিত্তিক ভোটদান, মনোনয়ন দাখিল আৰু ফলাফল ঘোষণাৰ সম্পূৰ্ণ সময়সূচী প্ৰকাশ কৰা হ’ব।
এই নিৰ্বাচনসমূহ অনুষ্ঠিত হ’ব অসম, পশ্চিম বংগ(West Bengal), তামিলনাদু(Tamil Nadu), কেৰেলা (Kerala )আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুদুচেৰী(Puducherry)ত। সংশ্লিষ্ট ৰাজ্যসমূহৰ বিধানসভাৰ কাৰ্যকাল মে’ আৰু জুন ২০২৬ৰ ভিতৰত সমাপ্ত হ’ব।
নির্বাচনৰ সূচী ঘোষণা হোৱাৰ লগে লগে এই ৰাজ্যসমূহত আদৰ্শ আচৰণ বিধি(Model Code of Conduct) কাৰ্যকৰী হ’ব। ইয়াৰ ফলত চৰকাৰ বা ৰাজনৈতিক দলসমূহে ভোটাৰৰ ওপৰত প্ৰভাৱ পেলাব পৰা নতুন আঁচনি, ঘোষণা বা চৰকাৰী অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব।
ইতিমধ্যে নিৰ্বাচন আয়োগৰ পূৰ্ণ বেঞ্চে নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ সংশ্লিষ্ট ৰাজ্যসমূহ ভ্ৰমণ কৰি ৰাজ্য চৰকাৰ, আৰক্ষী আৰু ৰাজনৈতিক দলসমূহৰ স’তে বৈঠক অনুষ্ঠিত কৰিছে। লক্ষ্য হৈছে স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন সম্পন্ন কৰা।
এইবাৰৰ নিৰ্বাচনত বহুতো সংবেদনশীল বুথত উন্নত নিৰীক্ষণ ব্যৱস্থা আৰু ৱেবকাষ্টিং ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰে জনাইছে।
উল্লেখযোগ্য যে অসমৰ বিধানসভাৰ কাৰ্যকাল ২০ মে’ ২০২৬ত শেষ হ’ব। ৰাজ্যখনৰ ১২৬টা সমষ্টিত এইবাৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।






























