Formation of Election Management Committee AJP:
অসম বিধান সভা আসন্ন নিৰ্বাচনৰ যাৱতীয় কাম-কাজ পৰিচালনাৰ বাবে অসম জাতীয় পৰিষদে ১২ জনীয়া নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰি দিছে৷ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা স্বাক্ষৰিত দলীয় অধিসূচনা অনুসৰি, দলৰ দুই স্থায়ী মুখ্য উপদেষ্টা বসন্ত ডেকা আৰু ডঃ কৃষ্ণ গোপাল ভট্টাচার্য্য নিৰ্বাচন পৰিচালনা সমিতিৰো উপদেষ্টা হিচাপে থাকিব৷ সমিতিৰ অধ্যক্ষৰ দায়িত্বত থাকিব চন্দ্ৰকান্ত দাস, উপাধ্যক্ষ কমল নয়ন চৌধুৰী, মুখ্য আহ্বায়ক চমচেৰ সিং৷ আহ্বায়ক হিচাপে থাকিব চিত্তৰঞ্জন বসুমতাৰী, ৰাজু ফুকন, অমৃত খাটনীয়াৰ, জিয়াউৰ ৰহমান, গিৰীণ তালুকদাৰ, অমিতাভ বৰঠাকুৰ আৰু নিখইল ভট্টাচার্য্য৷
ADVERTISEMENT






























