Opposition unity review meeting at Hotel Greenwood:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ পোন্ধৰটা দিন থকা অৱস্থাত বিৰোধী ঐক্যৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ’ব দেওবাৰে সন্ধিয়া ছয়বজাত ৷ হোটেল গ্রীণউডত অনুষ্ঠিত হ’বলগীয়া পর্যালোচনা বৈঠকত উপস্থিত থাকিব ১২৬সমষ্টিৰ বিৰোধীৰ প্রার্থীসকল ৷
উল্লেখ্য যে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পিছত প্ৰথম বাৰৰ বাবে বিৰোধী বৈঠক খন বিশেষভাৱে লক্ষণীয় হৈ পৰিছে ৷ কংগ্ৰেছ নেতৃত্বাধীন ছয়দলীয় মিত্ৰজোঁটে দিছপুৰৰ মচনদ দখল কৰিব বুলি আশাবাদী ৷
আনহাতে আজি এক সংবাদমেলত বিৰোধী ঐক্যৰ পৰ্যালোচনা বৈঠক সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় ,৭০-৮০খন আসনত জয়ী হৈ অসমত চৰকাৰ গঠন কৰিব বিৰোধীয়ে ৷ ৰাইজৰ দলে অকলেই লাভ কৰিব ৭খন আসন ৷ দেওবাৰে পৰ্যালোচনা সভাত বিৰোধীয়ে আগতীয়াকৈ প্রীতি ভোজ খাব বুলি উল্লেখ কৰি শিৱসাগৰৰ বিধায়ক গৰাকীয়ে আৰু কয় যে,৩০ৰ পৰা ৩৫খন আসনৰ ভিতৰতে সীমাৱদ্ধ থাকিব বিজেপি মিত্রজোঁট ৷




































