MORAN:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:মোবাইলৰ অনলাইন গেইমৰ ভয়াবহতা । মৰাণৰ খোৱাঙত অনলাইন গেইমেই কাল হ’ল এজন ছাত্ৰৰ বাবে । খোৱাঙৰ বাঁহনি পথাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা । দৰিদ্ৰ মাক-দেউতাকৰ সাচতিয়া ধন অনলাইন গেইমত হাৰি চৰম পন্থা ললে উত্তল গগৈ নামৰ ছাত্ৰজনে । মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে ছাত্ৰজন । পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি ছাত্ৰজন পঢ়া শুনাতো মেধাৱী আছিল । সেই অনুসৰি মাক দেউতাকে অনেক কষ্টৰে এটা মোবাইল লৈ দিছিল ছাত্ৰজনক । পঢ়া-শুনাৰ ক্ষেত্ৰত সহায় হ’ব বুলি ।
কিন্তু ছাত্ৰজনে মাক-দেউতাকৰ অজ্ঞাতে নিয়মিয়াকৈ খেলি গৈছিল অনলাইন গেইম । মাকৰ বেংক একাউণ্টৰ ধন উদং কৰিছিল অনলাইন গেইম খেলি । দুবাৰ এনেদৰে বেংক একাউণ্টৰ ধন শেষ কৰাৰ পিছত ছাত্ৰজনক বুজনিও দিয়া হৈছিল কিন্তু নামানিলে । শেষতীয়াকৈ মাকৰ অৰুণোদয় আঁচনিৰ ৯ হাজাৰ টকাও অনলাইন গেইমত শেষ কৰি দিলে ছাত্ৰজনে । মাক-দেউতাকে এই টকা আছে বুলি এটিএমত উলিয়াই বজাৰ কৰিবলৈ যাওতে ছাত্ৰজনে এখন ছুইছাইড নোট লিখি ঘৰৰ ভিতৰতে চিপ লৈ আত্মহত্যা কৰে । মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰজনৰ অকাল বিয়োগত গাঁওখনত শোকৰ ছাঁ পৰিছে ।






























