Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: ব্যৱসায়ীসকল লাভৱান হ’ব। মাতৃৰ শৰীৰ সম্পৰ্কে সচেতন থাকক। শিক্ষক-উকিল আদিৰ মধ্যম। ভ্রমণত সাৱধান হওক। প্রেমত শুভ সংযোগ। শুভ ৰং কমলা।
বৃষ: আর্থিকত ব্যয়ৰ বাবে চিন্তিত হ’ব। নতুন কর্মত ব্যস্ততা বৃদ্ধি পাব। অংশীদাৰী ব্যৱসায়ত শুভ ফল পাব। দাম্পত্য জীৱনত অশান্তিৰ কাৰকতা। শুভ ৰং ৰঙা।
মিথুন: ওচৰ-চুবুৰীয়াৰ লগত কিবা আহুকাল পাব। কর্মক্ষেত্রত আর্থিক লেন-দেনত সাৱধান। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। বিদ্যাত শুভ। শুভৰং সেউজীয়া।
কর্কট: কর্মক্ষেত্রত কিছু বাধাৰ কাৰকতা। অংশীদাৰী কৰ্মত মিশ্রিত ফল লাভ কৰিব। বিবাহৰ যোগাযোগত শুভ। ভ্ৰমণত অৰ্থহানিৰ যোগ। শুভৰং হালধীয়া।
সিংহঃ ব্যৱসায়ত আয় বৃদ্ধি পাব। ঘৰুৱা দিশ শুভ বুলি ক’ব পাৰি। বন্ধুৰ পৰা সতৰ্ক হ’ব। দাম্পত্যত শুভ। কর্মসূত্ৰে ভ্ৰমণৰ যোগ। শুভ ৰং নীলা।
কন্যা: খৰচৰ ক্ষেত্ৰত সতর্ক থাকিব। নিবনুৱাৰ বাবে মধ্যম দিন। মাতা-পিতাৰ স্বাস্থ্য ভাল নাযাব। প্রেমত নতুন সমস্যা দেখা দিব পাৰে। শুভৰং বগা।
তুলা: উচ্চ-শিক্ষাৰ্থীৰ বাবে শুভ সংযোগ। দেহ কষ্টৰ উপশম পাব। প্রাপ্য ধনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা। প্ৰেমত শুভ। শুভ ৰং গুলপীয়া। বৃশ্চিক: নিবনুৱা ব্যক্তিৰ কৰ্মপ্ৰাপ্তিত বাধা আহিব পাৰে। আর্থিক দিশত
শুভ। দাম্পত্য জীৱন মধ্যমীয়া। বিদ্যাত জটিলতা কম। শুভ ৰং ক’লা। ধনু: পাৰিবাৰিক দিশত চিন্তা থাকিব। নতুন সম্পদ ক্ৰয় কৰিব পাৰে। ঊর্ধ্বতন কর্তৃপক্ষৰ লগত মতানৈত্য হ’ব পাৰে। প্ৰেমত মতবিৰোধ। শুভ ৰং মেৰুণ।
মকৰ ওচৰ-চুবুৰীয়াৰ লগত মানসিক সংঘাত। ব্যৱসায়ীসকলৰ ব্যস্ততা বাঢ়িব। প্রেমত মধ্যম। বিবাহৰ যোগাযোগত শুভ। শুভ ৰং ক্রীম।
কুম্ভ: পুৱাৰ ভাগত অনুকূল। সৰু-সুৰা সমস্যাত বিব্রত বোধ কৰিব। আর্থিকত বিশেষ বাধা নাই যদিও ব্যৱসায়ত লোকচানৰ সংকেত। শুভৰং মেৰুণ।
মীন: মানসিক চাপ বৃদ্ধি পাব। বিদ্যাত যত্ন লওক। শৰীৰ সম্পর্কীয় কথাত সাৱধান হোৱা উচিত। শিল্প-সাংস্কৃতিকত সুনাম। শুভ ৰং সোণালী।

































