এইবাৰৰ শীতকাল অস্বাভাৱিকভাৱে শুকান হোৱাটো সম্ভৱতঃ সকলোৱে লক্ষ্য কৰিছে। এই শুষ্ক পৰিৱেশৰ কাৰণ হৈছে বৰষুণৰ অভাৱ। সম্প্রতি অৱস্থা এনে হৈছে যে পূব ভাৰতৰ কেতবোৰ স্থানক বাদ দি সমগ্র দেশলৈ বসন্তৰ আগমনৰ কোনো লক্ষণ ফুটি উঠা নাই। অথচ এপ্ৰিলৰ মাজভাগৰ পৰাই বসন্ত কাল আৰম্ভ হ’ব।
এনে অৱস্থাতো বসন্ত কাল অহাৰ কোনো লক্ষণে দেখা দিয়া নাই। বতৰ বিজ্ঞানীসকলৰ মতে এইবাৰ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীৰ সময়ছোৱাত দেশৰ অধিকাংশ অঞ্চলত বৰষুণৰ পৰিমাণ গড় হিচাপতকৈ ৬০ শতাংশ হ্রাস পায়। ফলত চৌদিশে পৰিৱেশ প্রচণ্ড শুকান হৈ পৰে। শেহতীয়াভাৱে বৰষুণ হ’বলৈ ধৰিছে যদিও বৰষুণৰ পৰিমাণো স্বাভাৱিক নহয় বুলি বতৰ বিজ্ঞানীসকলে মন্তব্য কৰিছে।
উল্লেখ্য যে ভাৰতত শীতকাল শুকান হোৱাৰ প্ৰধান কাৰণ হ’ল দুৰ্বল পছোৱা বতাহ। এই দুর্বল বতাহে শীতকালি বৰষুণ আনিব নোৱাৰে। বিশেষকৈ পছোৱা বতাহৰ দ্বাৰা ব্যাপকভাবে প্রভাৱিত উত্তৰ আৰু হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহৰ শীতকালি বতৰ শুকান হৈ পৰে।
তৎসত্ত্বেও এইবাৰৰ শীতকাল অত্যন্ত শুকান হয়। কাৰণ বৰষুণ প্রায় নহ’ল। বতৰৰ এই অস্বাভাৱিক অৱস্থাৰ বাবে চলিত বৰ্ষৰ অন্তিমফালে এলনিনো সদৃশ অৱস্থাৰ সৃষ্টিৰ আশংকা আছে। বিষুবীয় প্রশান্ত মহাসাগৰৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে উষ্ণ হোৱাটোক এলনিনো বুলি কোৱা হয়। ইয়ে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।
এই সম্পর্কত মার্কিন ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু জলবায়ু প্রশাসনে ইংগিত দিছে যে চলিত বৰ্ষৰ এলনিনো সৃষ্টিৰ সম্ভাৱনা ৮০ শতাংশৰো অধিক। ফলত বতৰে জটিল ৰূপ ধাৰণ কৰাৰ আশংকা আছে। এনে অৱস্থাতে জয়বায়ু পৰিৱৰ্তনৰ ফলত সাগৰপৃষ্ঠও বৃদ্ধি পাই আছে।
দুই মেৰুত বৰফৰ গলনো অব্যাহত আছে। উল্লেখ্য যে এলনিনোৱে সাধাৰণতে দক্ষিণ-পশ্চিমমুৱা মৌচুমী বতাহ দুর্বল কৰে। ফলত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ হ্রাস পায়। ফলত বসন্ত কালছোৱা স্বাভাৱিকতকৈ অধিক উষ্ণ হয়। চলিত বৰ্ষৰ অন্তিমফালে এনে অৱস্থাৰ সৃষ্টিৰ আশংকা বহু জলবায়ু বিজ্ঞানীয়ে কৰিছে। গতিকে অহা বছৰো পৰিৱেশ অস্বাভাৱিক হোৱাৰ আশংকা আছে।






























