Mumbai Beach:✒️মুম্বাইৰ সমুদ্রতীৰত সৌন্দর্য উপভোগ কৰিবলৈ খোজ পেলোৱাসকলৰ বাবে এক অভিনৱ সুবিধা মুকলি কৰিছে এজন মনোবিজ্ঞানীয়ে। মনোবিজ্ঞান আৰু দৰ্শনৰ শিক্ষা গ্ৰহণকাৰী পৃথ্বিৰাজ বোহৰা সমুদ্রতীৰ দৰ্শনকাৰীসকলৰ মানসিক সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে। তেওঁ এই সুবিধা সমুদ্রতীৰতে মুকলি কৰিছে।
গতিকে সমুদ্রতীৰত খোজৰে বিচৰণ কৰি থকাসকলে প্রয়োজনত বোহৰাৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। বোহৰাৰ এই অভিনৱ সুবিধা মুকলিৰ কথাই পেটিএমৰ প্ৰতিষ্ঠাপক বিজয় শেখৰ শৰ্মাৰো দৃষ্টি আকর্ষণ কৰিছে। বোহৰাই সামাজিক মাধ্যম ‘এক্স’ত শ্বেয়াৰ কৰা সমুদ্রতীৰৰ এই সুবিধাৰ কথা সম্বলিত প’ষ্ট শৰ্মাই শ্বেয়াৰ কৰিছে। এই সম্পর্কীয় ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে প্রতিজন ব্যক্তিৰ মানসিক সমস্যা শুনাৰ বাবদ বোহৰাই মাচুলৰূপে আঢ়ৈশ টকা ল’ব।
অৱশ্যে গুৰুতৰ মানসিক সমস্যাত আক্রান্তসকলে পাঁচশ টকাৰ মাচুল দিব লাগিব। ততোধিক জটিল সমস্যাত আক্রান্ত এজন ব্যক্তিয়ে তেওঁৰ স’তে একেলগে কন্দাৰ বাবে বোহৰাক এহেজাৰ টকাৰ মাচুল পৰিশোধ কৰিব লাগিব। এই মাচুল তেওঁ ক্রাই থেৰাপীৰ বাবদ গ্ৰহণ কৰিব। এই সম্পৰ্কত বোহৰাই ব্যাখ্যা কৰিছে যে কান্দিলে মানুহৰ দুখৰ বোজা হ্রাস পায়। ইয়ে মন পাতল কৰে।
এই সম্পৰ্কত বোহৰাই কয় যে তেওঁৰ স’তে এবাৰ কন্দাৰ পাছত বহুতে মানসিক দিশত উপশম লাভকৰে আৰু আৰাম অনুভৱ কৰে। এনেদৰে সমস্যাৰ পৰা তেওঁলোকৰ মুক্তি পোৱাৰ উপক্রম ঘটে। অৱশ্যে তেওঁৰ ওচৰ চপা সকলে নিজৰ অতীত আৰু পৰিয়ালৰ পৃষ্ঠভূমিৰ কথা অৱগত কৰিব লাগিব।
তেতিয়াহে তেওঁ সঠিক পৰামৰ্শ দিব পাৰে বুলি সদৰী কৰিছে। ইতিমধ্যে তেওঁৰ ওচৰ চপা লোকৰ সংখ্যা তড়িত গতিত বৃদ্ধি পাইছে। কেৱল সমস্যা কাণ পাতি শুনিয়ে উপশমৰ দিহা দিয়াৰ বাবে বহুজনে বোহৰাক প্রশংসাও কৰিছে। পেটিএমৰ প্ৰতিষ্ঠাপক শৰ্মাই শ্বেয়াৰ কৰাৰ বোহৰাৰ প’ষ্টটো অনেকে শ্বেয়াৰো কৰিছে।
অসংখ্যজনে এই প’ষ্টত সঁহাৰি দিছে। এজনে আকৌ শর্মাক এটা পেটিএম ছাউণ্ডবক্স বোহৰাক যোগান ধৰিবলৈও অনুৰোধ জনাইছে।






























