Nandita Gorlosa:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স :–বিজেপিৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছতে দলত্যাগ কৰে কংগ্ৰেছত যোগদান কৰা ক্ৰীড়া মন্ত্ৰী নন্দিতা গার্লোছাই সোমবাৰে হাফলঙৰ কংগ্ৰেছ প্রার্থী হিচাপে মনোনয়ন দাখিল কৰে ৷
ADVERTISEMENT
উল্লেখ্য যে গাৰ্লোচাই কংগ্ৰেছত যোগদানৰ পূৰ্বে সমষ্টিটোৰ প্ৰাৰ্থী আছিল নিৰ্মল লাংথাছা ৷ কিন্ত দেওবাৰে নন্দিতা গার্লোছাই কংগ্ৰেছত যোগদানৰ পিছতে দলে নিৰ্মল লাংথাছাৰ ঠাইত প্ৰাৰ্থীত্ব প্ৰদান কৰে গার্লোছাই ৷ সেই অনুসৰি নিৰ্মল লাংথাছা সহ কে’বা সহস্ৰাধিক সমৰ্থক সহ সমদল সহিতে নন্দিতা গার্লোছাই হাফলঙস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ৰিটাৰ্ণাং বিষয়াৰ ওচৰত দাখিল কৰে মনোনয়ন ৷






























