Re-voting in N.karimganj One Polling Centre:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ভোটগ্রহণত হোৱা খেলিমেলিৰ লগতে ৰিগিঙৰ অভিযোগ উত্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে শ্রীভূমি জিলাৰ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ ২৩৯ নম্বৰ বেবিলেণ্ড ইংলিছ হাইস্কুলৰ ভোটকেন্দ্ৰত পুনৰ ভোটদান আৰম্ভ হয় পুৱা ৭ বজাৰ পৰা ৷
ADVERTISEMENT
উল্লেখ্য যে উল্লেখ্য যে ৰাজ্যৰ কে’বাটাও ভোটকেন্দ্রত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ বিভিন্ন পক্ষই উত্থাপন কৰিছিল। নিৰ্বাচনৰ আয়োগে তেনে অভিযোগ পৰীক্ষা কৰি কেৱল উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ভোটকেন্দ্ৰটোতহে পুনৰ ভোটগ্রহণৰ সিদ্ধান্ত গ্ৰহণ শুকুৰবাৰে নিৰ্দেশনা জাৰি কৰিছিল ৷





























