আজিৰ যুগক কৃত্রিম বুদ্ধিমত্তাৰ যুগ বুলি কোৱা হয়। কৃত্রিম বুদ্ধিমত্তাই পুৰণি ধ্যান-ধাৰণালৈ আমূল পৰিবৰ্তন আনিছে। বিশেষজ্ঞসকলে সকীয়াই আহিছে যে ছাত্র-ছাত্রীক শিক্ষাদানৰ ক্ষেত্রতো পদ্ধতি সলনি কৰিবৰ সময় সমাগত হ’ল। সম্ভৱতঃ বিশেষজ্ঞৰ এই সকীয়নিক শিৰোধান কৰি চুবুৰীয়া ৰাষ্ট্ৰ চীনে ছাত্র-ছাত্রীক শিক্ষাদানৰ পদ্ধতিলৈ আমূল পৰিৱৰ্তন আনিছে।
উল্লেখ্য যে দেশখনে ২০২১ত ‘দ্বি-হাস’ শীর্ষক এক নীতি শিক্ষা পদ্ধতিত সংযোজন কৰে। এই নীতি বলবৎ হোৱাৰ লগে লগে দেশখনত ব্যক্তিগত ক’চিং প্রতিষ্ঠানৰ সংখ্যা নাটকীয়ভাবে হ্রাস পাবলৈ ধৰে। ফলত ছাত্ৰ-ছাত্ৰীৰ ওপৰত বোজাও কমি আহিবলৈ ধৰে। ইয়াৰ উদ্দেশ্য হ’ল ছাত্র-ছাত্ৰীৰ ওপৰত চাপ কমোৱা। অপ্রয়োজনীয় মুখস্থ বিদ্যাৰ পৰা ছাত্র-ছাত্রীসকলক ৰক্ষাৰ উদ্দেশ্যে চীন চৰকাৰে এই নীতি বলবৎ কৰে।
ইয়াৰ জৰিয়তে চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেৱল শ্রেণীকোঠাত পাঠদানত মনোনিৱেশ কৰাৰ পুৰণি অভ্যাস ওভতাই আনে। ইয়াৰ জৰিয়তে দেশখনে কৰিবলৈ লোৱা আন এটা কাম হ’ল সর্বোচ্চ নম্বৰপ্ৰাপক বিচৰাৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক সামর্থ্য নির্মাণ কৰা। অলপতে এই কথা এক আলোচনাত উল্লেখ কৰে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ গৱেষক ৰোহন দুৱাই। চীনে শিক্ষা পদ্ধতিলৈ অনা এই আমূল পৰিৱৰ্তন সম্পর্কত গবেষক দুৱাই কয়, ‘চীন চৰকাৰে ছাত্র-ছাত্রীসকলে কি কৰিব পাৰে সেই কথাক গুৰুত্ব আৰোপ শিক্ষা নীতি প্রস্তুতি কৰিবলৈ লৈছে। এই শিক্ষা নীতিত মুখস্থ বিদ্যাক নিৰুৎসাহিত কৰা হৈছে।’
চীনে এইদৰে নতুন প্রজন্মক যুগোপযোগীকে সাজু কৰিছে বুলি গরেষকজনে মন্তব্য কৰিছে। এনেদৰে চীনে কৃত্রিম বুদ্ধিমত্তা যুগত শিক্ষা ব্যৱস্থালৈ আমূল পৰিবৰ্তন আনিছে। ইয়াৰ বিপৰীতে ভাৰতত ছাত্র-ছাত্রীয়ে আজিও নম্বৰৰ পাছত দৌৰি থাকিবলগীয়া হৈছে। পিতৃ-মাতৃৰ পৰা আৰম্ভকৰি সকলোৱে কেৱল নম্বৰত গুৰুত্ব আৰোপ কৰে। এই কথা ভাৰতৰ বাবে প্রত্যাহানত পৰিণত হৈছে। কিন্তু কৃত্রিম বুদ্ধিমত্তাই সলনি কৰা পৃথিৱীখনত এনেদৰে শিক্ষাগ্রহণ কৰা ছাত্র-ছাত্রী তিষ্ঠি থাকিব পাৰিব নে বুলি প্রশ্ন উত্থাপিত হৈছে।
ইতিমধ্যে একাংশ বিশেষজ্ঞই মতপোষণ কৰিছে যে মুখস্থ বিদ্যাৰ বলত উজ্জ্বলি উঠা আৰু বৌদ্ধিক সামর্থ্যৰে চাকৰিৰ বজাৰত ভৰি দিয়া ছাত্র-ছাত্ৰীসকলৰ মাজত পার্থক্য স্পষ্ট হ’বলৈ ধৰিছে। উল্লেখ্য যে ভাৰতত বছৰি ন লাখ ছাত্র-ছাত্রীয়ে অভিযান্ত্রিক ডিগ্রী লাভ কৰে। এইসকল মেধাবী ছাত্র-ছাত্ৰীৰ এক বৃহৎ সংখ্যকে নিজৰ অৰ্হতাৰ স’তে খাপ খোৱা একোটা সংস্থাপনৰ বাবে সংগ্রাম কৰিবলগীয়া হয়।
বহু নিয়োগকর্তাই আঙুলিয়াই দিয়ে যে এনে ছাত্ৰ-ছাত্ৰীৰ বহুতৰ শিক্ষাগত অর্হতা থাকিলেও তেওঁলোক কামৰ বাবে যোগ্য নহয়। এই সম্পর্কত ভেলোব ইনষ্টিটিউট অব টেকন’লজীৰ জ্যেষ্ঠ অধ্যাপক শেকৰ বিশ্বনাথনে কয়, ‘আজিকালি কেরল ডিগ্রী থাকিলেই নহ’ব। ছাত্র-ছাত্রীসকলে কেৱল পৰীক্ষাত উত্তীর্ণ হ’বৰ বাবে পঢ়িলেই নহ’ব।’
লক্ষ্যণীয়ভাবে এনে সমস্যাক লৈ চৰ্চা হৈ থকাৰ সময়তে আজিম প্রেমজী বিশ্ববিদ্যালয়ে ‘স্টেট অৱ বর্কিং ইণ্ডিয়া ২০২৬’ শীর্ষক এক প্রতিবেদন প্রকাশ কৰিছে। এই প্রতিবেদনত দেখা গৈছে যে ভাৰতত প্রতি ১০ ডিগ্রীধাৰী ছাত্ৰ-ছাত্ৰীৰ চাৰিজনেই সংস্থাপন লাভৰ বাবে সংগ্রাম কৰিবলগীয়া হয়। এই ঘটনাই এনে এক সময়ত সংঘটিত হৈছে যি সময়ত দেশত উচ্চ শিক্ষাও সহজে উপলব্ধি হৈছে।
আনহাতে, এই সম্পর্কত এজন বিশেষজ্ঞই মতপোষণ কৰে যে বর্তমানে এজন চাকৰি প্ৰাৰ্থীৰ ডিগ্রী থাকিলেই নহ’ব, তেওঁৰ দক্ষতাতহে সকলো নিৰ্ভৰ কৰে। কাৰণ কোনো প্রতিষ্ঠানত নিয়োজিত হোৱাৰ ক্ষেত্ৰত প্রত্যাহ্বান অধিক বৃদ্ধি পাবলৈ ধৰিছে। এনে পৰিস্থিতিত দেশৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধনত গুৰুত্ব আৰোপ কৰিছে বিশেষজ্ঞসকলে।
এই পৰিৱৰ্তন চীনৰ লেখীয়াকৈ গাঁথনিগত হ’ব লাগিব বুলিও বিশেষজ্ঞসকলে মতপোষণ কৰিছে। এই সম্পর্কত কেন্দ্রীয় উচ্চ শিক্ষা বিভাগৰ প্ৰাক্তন সচিব ড° পংকজ আগৰৱালে কয়, ‘সকলোৱে মানি লৈছে যে ভাৰতৰ শিক্ষা ব্যৱস্থা সলনি কৰাটো প্রয়োজন হৈছে। শিক্ষা নীতিক অনুশীলনত পৰিণত কৰিব লাগিব। ‘
উল্লেখ্য যে চীনত শিক্ষা ব্যৱস্থাত চৰকাৰী নিয়ন্ত্ৰণ বৃদ্ধি পোৱাৰ বিপৰীতে ভাৰতত ওলোটাটো সংঘটিত হৈছে। দেশৰ বৃহৎ বৃহৎ মহানগৰসমূহতো বাদেই সৰু-সুৰা নগৰ-চহৰসমূহতো ব্যক্তিগত ক’চিং চেণ্টাৰ গঢ়ি উঠিবলৈ ধৰিছে। আনকি শিক্ষা জীৱন আৰম্ভ কৰাৰ সময়তে বহু শিক্ষার্থীয়ে ক’চিং চেন্টাৰতো ভর্তি হয়। এইসমূহে ছাত্র-ছাত্রীক মুখস্থ বিদ্যাতহে পাৰ্গত কৰি তোলা বুলি চর্চা হয়। গতিকে ছাত্র-ছাত্রীয়ে উচ্চ নম্বৰ লাভ কৰিলেও বৌদ্ধিক সমর্থক লৈ এক প্রশ্ন ৰৈ যায়।






























