hair Care:✒️গৰমৰ দিন আহিলেই আমি সাধাৰণতে ছালৰ যত্ন ল’বলৈ চানস্ক্রিন ব্যৱহাৰ কৰো। কিন্তু বহুতে নাজানে যে সূৰ্যৰ তীব্ৰ ৰ’দে চুলিৰ ওপৰতো সমান ক্ষতি কৰে। সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে চুলিৰ গাঁথনি দুৰ্বল কৰি চুলিক কক্ষ, শুষ্ক আৰু নিস্তেজ কৰি তোলে। ফলত চুলি সৰা, আগ ভাগ ফাটি যোৱা বা চুলি পাতল হৈ যোৱাৰ সমস্যাও দেখা দিব পাৰে।
বিশেষজ্ঞসকলৰ মতে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে চুলিৰ গুৰি ক্ষতিগ্রস্ত কৰে। ইয়াৰ ফলত চুলিৰ স্বাভাৱিক বৃদ্ধি কমি যায় আৰু কেতিয়াবা কম বয়সতেই চুলি পকাৰ সমস্যাও আৰম্ভ হ’ব পাৰে। সেই কাৰণেই এতিয়া ছালৰ দৰে চুলিৰ বাবেও চানস্ক্রিন ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হয়।
চুলিৰ বাবে চানস্ক্রিন কিয় প্রয়োজন?
সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি দুটা ভাগত বিভক্ত- ইউভি-এ আৰু ইউভি-বি। ইউভি-বি ৰশ্মি চুলিৰ প্ৰ’টিন ক্ষতিগ্রস্ত কৰি চুলিক দুর্বল কৰে।ইউভি-এ ৰশ্মি চুলিৰ স্বাভাৱিক বং সলনি কৰাৰ অন্যতম কাৰণ।
ইয়াৰ উপৰি এই ৰশ্মিয়ে শৰীৰত অক্সিডেটিভ চাপ বৃদ্ধি কৰে। ফলত চুলি আগতে পকাৰ সম্ভাৱনাও বাঢ়ে। এই ধৰণৰ সমস্যাৰ পৰা বাচিবলৈ চুলিৰ বাবে চানস্ক্রিন যথেষ্ট সহায়ক।
চুলিৰ চানস্ক্রিন কিমান ধৰণৰ হয়?
১) পাউডাৰ ধৰণৰ চানস্ক্রিন, এই ধৰণৰ চানস্ক্রিনে মূৰৰ
ছালৰ অতিৰিক্ত তেল শোষণ কৰে। লগতে চুলিক অলপ ঘন দেখুওৱাত সহায় কৰে। সাধাৰণতে চুলিৰ গুৰিত পাউডাৰ ছটিয়াই দুই হাতেৰে লাহে লাহে মালিচ কৰিব লাগে। শুকান চুলিত ব্যৱহাৰ কৰিলে ভাল ফল পোরা যায়।
২) স্প্রে ধৰণৰ চানস্ক্রিন,যিসকলৰ চুলি অধিক শুষ্ক বা কক্ষ, তেওঁলোকে স্প্রে’ ধৰণৰ চানস্ক্রিন ব্যৱহাৰ কৰিব পাৰে। এই চানস্ক্রিনে চুলিত আর্দ্রতা বজাই ৰাখে আৰু চুলিক অধিক সুস্থ দেখুৱায়। চুলিৰ আগৰ পৰা মূৰৰ ছাললৈকে স্প্রে’ কৰি পাছত চুলি আঁচুৰিলে চানস্ক্রিনটো সমানকৈ বিয়পি যায়।
৩) ক্রীম বা লোচন ধৰণৰ চানস্ক্রিন,
এই ধৰণৰ চানস্ক্রিন সাধাৰণতে মূৰৰ ছালত ব্যৱহাৰ কৰা হয়। ছালত চানস্ক্রিন যিদৰে লগোৱা হয়, ঠিক তেনেদৰে চুলিৰ গুৰিত সাৱধানে লগাব লাগে। চুলিক ৰ’দৰ পৰা সুৰক্ষিত ৰাখিবলৈ কিছুমান সহজ উপায় তীব্ৰ ৰ’দত বাহিৰলৈ ওলালে টুপী, দুপাট্টা বা কাপোৰৰে চুলি ঢাকি ৰাখক। নিয়মীয়াকৈ চুলি ধুই পৰিষ্কাৰ ৰাখক। সপ্তাহত অন্তত এবাৰ তেল মালিচ কৰক। চুলিত অতিৰিক্ত তাপ ব্যৱহাৰ কৰা ড্রায়াৰ, স্ট্রেইটনাৰ কম ব্যৱহাৰ কৰক। গৰমৰ দিনত চুলিৰ সঠিক যত্ন ল’লে চুলি সুস্থ, মজবুত আৰু উজ্জ্বল হৈ থাকে। সেয়েহে এই গৰমত ছালৰ লগতে চুলিৰ সুৰক্ষাকো সমান গুৰুত্ব দিয়াটো অত্যন্ত প্রয়োজনীয়।






























