ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে আহিল এক গুৰুত্বপূৰ্ণ খবৰ। অহা ১০ এপ্ৰিলত ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল।
ADVERTISEMENT
বোকাজানত অনুষ্ঠিত এক অনুষ্ঠানত উপস্থিত থাকোঁতে পৰীক্ষাৰ্থীসকলৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সময়ত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
তেওঁ জনোৱা অনুসৰি,ভোটদানৰ ঠিক এদিন পিছতেই ফলাফল ঘোষণা কৰা হ’ব।
এই ঘোষণাৰ পিছতেই ৰাজ্যজুৰি পৰীক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত উৎকণ্ঠা আৰু উৎফুল্লতা বৃদ্ধি পাইছে। ইতিমধ্যে পৰীক্ষাৰ ফলাফলৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ছাত্ৰ-ছাত্ৰীয়ে।
উল্লেখ্য যে, প্ৰতি বছৰে মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ ৰাজ্যত বিশেষ উত্তেজনা দেখা যায়, আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়।






























