Pakistan:✒️ৰাজধানী দিল্লীৰ কাষত এক বৃহৎ সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ আগতেই গ্ৰেপ্তাৰ কৰা হ’ল এজন ভয়ংকৰ সন্ত্ৰাসবাদী। আৰক্ষী আৰু চোৰাংচোৱা সংস্থাৰ যৌথ অভিযানত ধৰা পৰা এই অভিযুক্তজন লস্কৰ-ই-তৈবা(Lashkar-e-Taiba)ৰ স’তে জড়িত বুলি সন্দেহ কৰা হৈছে।
তদন্তকাৰী সংস্থাৰ তথ্য অনুসৰি, গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদীজনৰ নাম শাব্বিৰ আহমেদ লোন, যি কাশ্মীৰৰ বাসিন্দা আৰু সুৰক্ষা সংস্থাৰ বাবে নতুন নাম নহয়।
পূৰ্বতে ২০০৭ চনত দিল্লী আৰক্ষীৰ স্পেশাল চেলে অস্ত্ৰসহ তেওঁক গ্ৰেপ্তাৰ কৰিছিল, যাৰ বাবে তেওঁ দীৰ্ঘদিন জেলত আছিল।
জেলৰ পৰা মুক্তি পোৱাৰ পাছত পুনৰ সক্ৰিয় হৈ উঠে লোন আৰু বাংলাদেশক নিজৰ নতুন ঘাঁটি হিচাপে ব্যৱহাৰ কৰি ভাৰত-বিৰোধী কাৰ্যকলাপ চলাই আছিল বুলি অভিযোগ উঠিছে।
তদন্তত প্ৰকাশ পাইছে যে, পাকিস্তানৰ গুপ্তচৰ সংস্থা ISIৰ নিৰ্দেশত তেওঁ দিল্লীত ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছিল।
কেৱল আক্ৰমণৰ পৰিকল্পনাই নহয়, লোনে ভাৰতত নতুন সন্ত্ৰাসবাদী মডিউল গঢ়ি তোলাৰ দায়িত্বও লোৱা আছিল বুলি আৰক্ষীয়ে জনাইছে। বিশেষকৈ, অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা লোকসকলক সংগঠনত নিয়োগ কৰাৰ কামো তেওঁ কৰিছিল বুলি অভিযোগ।
তদন্তকাৰী সংস্থাৰ মতে, এই সন্ত্ৰাসবাদী স’তে Hafiz Saeed আৰু Zaki-ur-Rehman Lakhviৰ দৰে কুখ্যাত সন্ত্রাসবাদী নেতাসকলৰো সংযোগ আছিল।
সুৰক্ষা সংস্থাসমূহে এই গ্ৰেপ্তাৰক এক গুৰুত্বপূৰ্ণ সফলতা বুলি বিবেচনা কৰিছে, কিয়নো ইয়াৰ জৰিয়তে দিল্লীত সম্ভাৱ্য এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ আগতেই ৰোধ কৰিব পৰা গ’ল। বৰ্তমান এই ঘটনাৰ স’তে জড়িত আন লোক আৰু নেটৱৰ্ক চিনাক্ত কৰাৰ বাবে তদন্ত অব্যাহত আছে।






























