অসমকে ধৰি পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে অৱশেষত দেশত আৰম্ভ হ’ল লোকপিয়ল। কৰ’নাজনিত কাৰণত ২০২১ত সম্পন্ন হ’ব লগা এই লোকপিয়ল পাঁচ বছৰ পলমকৈ বুধবাৰৰ পৰা আৰম্ভ হৈছে। উল্লেখ্য যে দেশত প্রতি ১০ বছৰৰ মূৰে মূৰে লোকপিয়ল অনুষ্ঠিত হয়। অন্তিমবাৰৰ বাবে দেশত ২০১১তে লোকপিয়ল হৈছিল।
এইবাৰ লোকপিয়লৰ বাবে ৩০ লাখ চৰকাৰী বিষয়া-কৰ্মচাৰী নিয়োগ কৰা হৈছে। এই কথা সদৰী কৰি লোকপিয়ল আয়ুক্ত মৃত্যুঞ্জয় কুমাৰ নাৰায়ণে প্ৰকাশ কৰা অনুসৰি, পিয়লৰ দুটা পৰ্যায়ত নাগৰিকৰ ঘৰে ঘৰে বিষয়া-কৰ্মচাৰী যাব।
ইয়াৰে প্ৰথমটো পর্যায়ত বিষয়া-কৰ্মচাৰীসকলে ঘৰৰ তালিকা প্রস্তুত কৰিব আৰু বসতিস্থলৰ অৱস্থাৰ বুজ ল’ব। দ্বিতীয়টো পর্যায়ত বাসিন্দাসকল আৰু তেওঁলোকৰ আর্থিক তথা সামাজিক অৱস্থা সম্পর্কত সংশ্লিষ্ট লোকপিয়ল কৰ্মচাৰীয়ে তথ্য সংগ্ৰহ কৰিব।
স্বাভাৱিকতে ভাৰতৰ লোকপিয়ল বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ হয়। কাৰণ সম্প্ৰতি দেশৰ জনসংখ্যা ১৪০ কোটিৰো অধিক। ফলত দেশ বিশ্বৰে বৃহত্তম জনসংখ্যাৰ দেশতো পৰিণত হৈছে। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজি অনুসৰি, ২০২৩তে ভাৰতে চীনক পিছ পেলাই বিশ্বৰ বৃহত্তম জনসংখ্যাত পৰিণত হয়।
অৱশ্যে দেশৰ জনসংখ্যাক উদ্বেগৰ কাৰণ বুলি বিশ্লেষক আৰু অর্থনীতিবিদসকলে গণ্য নকৰে। আনকি একাংশ অর্থনীতিবিদৰ মতে, দেশৰ জনসংখ্যাৰ অধিকাংশ কম বয়সীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত জনসংখ্যাগত সুবিধা প্ৰচুৰ আছে।
কাৰণ যি সময়ত বিশ্বৰ অধিকাংশ লোকৰ বয়স্ক লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে, সেই সময়ত ভাৰতৰ জনসংখ্যাৰ অধিকাংশই হৈছে কম বয়সীয়া লোক।
আনহাতে, এইবাৰৰ লোকপিয়ল সন্দর্ভত আয়ুক্ত নাৰায়ণে লগতে কয় যে এইবাৰ প্ৰথমবাৰৰ বাবে নাগৰিকসকলৰ জাতিগত সবিশেষ তথ্যও সংগ্রহ কৰা হ’ব। গতিকে এইবাৰৰ লোকপিয়ল অত্যন্ত তাৎপর্যপূর্ণ হৈছে। কাৰণ কংগ্ৰেছসহ বিভিন্ন দলে জাতিগত পিয়লৰো দাবী উত্থাপন কৰি আহিছে।






























