Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ ৰাশি: আজি যোগাযোগত ব্যতিক্ৰমৰ মাজেৰে আনন্দ। বিদ্যা ক্ষেত্রত সৰু-সুৰা বাধা আহিব পাৰে। বিবাহৰ যোগ। শুভ ৰং সেউজীয়া। শুভসংখ্যা ৩।
বৃষ ৰাশি : আজি ঘৰুৱা কোনো কাৰণত মানসিক ক্লেশ থাকিব। বিদ্যাত বাধা। কর্মক্ষেত্রত মধ্যম ফল। বন্ধুৰ বিশ্বাস অর্জন। ব্যৱসায়ত শুভ। শুভৰং নীলা। শুভ সংখ্যা ১।
মিথুন ৰাশি: আজি উদ্যোগী ব্যক্তিৰ আনন্দ লাভ। সন্তানৰ বাবে মধ্যম। ব্যৱসায়ত সফলতা লাভ কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ৬।
কৰ্কট ৰাশি : আজি ঘৰুৱা পৰিৱেশ প্রায় অনুকূল। বিদ্যাত বেয়া নহ’ব। আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য লাভ। কর্মত নতুন সুযোগ পাব। শুভ ৰং সোণালী। শুভ সংখ্যা ৪।
সিংহ ৰাশি : আজি ৰাজনীতিবিদ সকলে সাৱধানে চলক। বিদ্যাত অধিক মনোযোগৰ দৰকাৰ। শাৰীৰিক অশান্তি। প্রেমত সাৱধান। বিবাহৰ যোগ। শুভ ৰং মেৰণ। শুভ সংখ্যা ৮।
কন্যা ৰাশি: আজি কৰ্মক্ষেত্ৰত সহকর্মীৰ সহায় পাব। দাম্পত্যত শুভ। সামাজিক ক্ষেত্রত মান-সন্মান বৃদ্ধি পাব। ভ্ৰমণৰ যোগ। বিদ্যাত শুভ। শুভৰং কমলা। শুভ সংখ্যা ১।
তুলা ৰাশি : আজি বিদ্যাত যত্ন লোৱা দৰকাৰ। দূৰ ভ্ৰমণ নকৰিব। নতুন সংবাদত আনন্দ। আর্থিক দিশত আয়-ব্যয় প্রায় সমান। প্ৰেমত বন্ধুৰ সহায়
পাব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৭।
বৃশ্চিক ৰাশি : আজি ব্যৱসায়িক যিকোনো চুক্তি সম্পাদনৰ ক্ষেত্ৰত অনুকূল। মাতৃৰ শৰীৰ মধ্যম। পঢ়া-শুনাত অৱজ্ঞা নকৰিব। প্ৰেমত কষ্ট। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৩।
ধনু ৰাশি : আজি আর্থিকত খৰচ বৃদ্ধি পাব। বিদ্যাত যত্ন লোৱাৰ আৱশ্যক। দাম্পত্যত চিন্তা থাকিব। শৰীৰ অশুভ। প্ৰেমত উৎসাহ। শুভ ৰং ক’লা। শুভ সংখ্যা ৫।
মকৰ ৰাশি : আজি কর্মতৎপৰতা থাকিব। শৰীৰ মধ্যম। বিবাহৰ কথাত আগবাঢ়িব পাৰে। ব্যৱসায়ত ভবামতে ফল নাপাব। শুভ ৰং হালধীয়া। শুভসংখ্যা ২।
কুম্ভ ৰাশি: আজি খোৱা-বোৱাত সাৱধান থাকিব। ব্যৱসায়ত আয় বৃদ্ধিত বাধা পাব। সন্তানৰ বাবে চিন্তা। মাতৃৰ শুভ। প্ৰেমত শুভ। শুভ ৰং সুমথিয়া। শুভ ৰং ৬।
মীন ৰাশি : আজি প্রাপ্য ধন আদায়ৰ সুযোগ পাব। বিদ্যাত শুভ। ৰাজনীতিত সতর্ক হৈ থাকিব। ঘৰুৱা দিশত মধ্যম। প্রেমত সন্দেহ। শুভ ৰং সোণালী। শুভ সংখ্যা ৮।































