The Arvari River:✒️বহুতৰে ভ্ৰমণৰ প্রথম পছন্দৰ থলী হ’ল মনোৰম প্রাকৃতিক পৰিৱেশে বিৰাজ কৰা অঞ্চল। এনে ভ্রমণ ৰসিকসকলে সাধাৰণতে নৈ-নিজৰা বৈ যোৱা স্থানলৈ যাবলৈ বিচাৰে। সমগ্র দেশত এনে বহু স্থান আছে।
সম্ভৱতঃ বহুতে এনে প্রাকৃতিক সৌন্দৰ্যৰ আকৰৰ স্থলী ভ্রমণো কৰিছে। তৎসত্ত্বেও ৰাজস্থানৰ আলৱাৰ জিলাৰ মাজেৰে বৈ যোৱা সেই বিশেষ নৈখনৰ কাষলৈ হয়তো তেনে কম সংখ্যক পর্যটকহে গৈছে। এই নৈৰ বিশেষত্ব হৈছে এই নৈয়ে ভাৰতৰ সবাতোকৈ চুটি নৈ। এই নৈৰ নাম আৰৱাৰি।
এই নৈৰ দৈর্ঘ্য ৪৫ কিলোমিটাৰ। আৰৱাৰি নৈৰ উৎসস্থলী হ’ল প্রাচীন আৰৱালি পাহাৰত। এই পাহাৰৰ পৰা বৈ আহি নৈখন হর্ষ নৈত মিলিছে। দেশৰ চিৰপ্ৰৱহমান নৈসমূহৰ স’তে আৰৱাৰি নৈৰ পার্থক্য আছে। কাৰণ এই নৈৰ জলভাগ সৃষ্টি হয় বৰষুণৰ পানীৰে।
গতিকে ঋতু অনুযায়ী নৈখনৰ পৰিৱৰ্তন ঘটে। টে। গ্রীষ্ম কালত নৈখনৰ দুয়োপাৰ সেউজ বননিৰে ভৰি পৰি জীৱন্ত হৈ উঠে। দুয়োপাৰ উপচি পৰে পানীৰে। ইয়াৰ বিপৰীতটো ঘটে জাৰৰ দিনত। শীতকালি নৈখন নীৰৱে বৈ থাকে।
দৈর্ঘ্যত চুটি হ’লেও এই নৈয়ে অঞ্চলটোৰ জনজীৱনলৈ প্রভূত বৰঙণি আগবঢ়াই আহিছে। নৈৰ দুয়োপাৰে জনতাই নৈখনক সাৰথি কৰিয়ে কৃষি কর্ম কৰে, খোৱাৰ পানীও সংগ্ৰহ কৰে। একেদৰে নৈখনৰ দুয়োপাৰৰ বহু গাঁৱৰ ভূগর্ভস্থ পানীৰ উৎসও হৈছে এই নৈ।
তৎসত্ত্বেও বিংশ শতিকাৰ আৰম্ভণিতে এই নৈ শুকাই যাবলৈ ধৰিছিল। নির্বিচাৰে গছ-বন ধ্বংস কৰা আৰু মাত্রাধিক পানী সংগ্রহ কৰাৰ ফলত নৈখন অকাল মৃত্যুৰ দিশে আগবাঢ়িছিল। নৈখনৰ এই দুর্দশা লক্ষ্য কৰি আগবাঢ়ি আহে বহু লোক। তেওঁলোকে ঐক্যবদ্ধভাৱে বৰষুণৰ পানীৰ কৰ্ষণ কৰি নৈখনক পুনৰ জীৱনদান কৰে।
নৈখনক পুনৰ জীৱনদান কৰিবলৈ গাঁৱৰ লোকে আশ্রয় লোৱা বৰষুণৰ পানীৰ কৰ্ষণত ব্যৱহৃত সঁজুলিক জহাদ বুলি জনা যায়। এই সঁজুলিসমূহ মাটিৰে তৈয়াৰী। মাটিৰে তৈয়াৰী এই সঁজুলিক ভূগর্ভস্থ পানী পুনৰ যোগান ধৰাত ব্যৱহাৰ কৰা হয়।
এনে সামূহিক প্ৰচেষ্টাৰ বলত নৈখনে পুনৰ প্ৰাণ পাই উঠিল। ইয়ে ঐক্যবদ্ধ প্রচেষ্টাৰ বলত যে অসাধ্যও সাধন হয় তাৰ এক বিৰল উদাহৰণো দাঙি ধৰে। এই নৈৰ পাৰলৈ বহু লোকে প্রাকৃতিক সৌন্দর্য উপভোগ কৰিবলৈ আহে।
ৰাজস্থানৰ প্ৰাচীন দুৰ্গ আৰু ৰাজপ্রাসাদসমূহৰ উপৰি এই নৈয়েও দেশ-বিদেশৰ বহুতকে হাতবাউল দি মাতে।
তদুপৰি আৰৱালি পাহাৰো অনুপম প্রাকৃতিক সৌন্দৰ্যৰ স্থলী। এই পাহাৰৰ কাষৰে খোজকাঢ়ি বহুতে জীৱনৰ গূঢ়াৰ্থ অনুভৱ কৰে। পাহাৰৰ নামনিত বিস্তীর্ণ মুকলি পথাৰ আছে। লগতে ঋতুকালীন জান-জুৰিও আছে। এইসমূহে অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দর্য বৃদ্ধিলৈ অপৰিসীম বৰঙণি আগবঢ়াইছে।
আনহাতে, আৰৱাৰি নৈৰ ওচৰতে অৱস্থিত ছাৰিক্ষা ব্যাঘ্র অভয়াৰণ্য। এই অভয়াৰণ্যয়ো বহু প্রকৃতিপ্রেমীক আকৰ্ষণ কৰে।





























