বহু প্ৰতীক্ষিত ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল ।তথ্য অনুসৰি, মন্দিৰ নিৰ্মাণত মুঠ প্ৰায় ১৮০০ কোটি টকা ব্যয় হৈছে।
ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ বৈঠকৰ পাছতে এই তথ্য প্ৰকাশ কৰা হয়। সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই জনোৱা মতে, মন্দিৰ প্ৰাঙ্গণৰ সকলো গুৰুত্বপূর্ণ নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত ব্যৱস্থাপনামূলক কাৰ্য চলি আছে।
মন্দিৰ প্ৰাঙ্গণৰ উপমন্দিৰসমূহতো আগন্তুক ১৩ এপ্ৰিলৰ পৰা ভক্তসকলৰ বাবে দর্শনৰ ব্যৱস্থা কৰা হ’ব। এই উদ্দেশ্যে অনলাইন পাছ বুকিং প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে।
তথ্য অনুসৰি,প্ৰাথমিক পৰ্যায়ত প্ৰতিদিনে প্ৰায় ১৫০০ ভক্তক উপমন্দিৰত দর্শনৰ সুযোগ প্ৰদান কৰা হ’ব । প্ৰথম তিনি মাহ এই ব্যৱস্থা ‘ট্ৰায়েল’ হিচাপে চলোৱা হ’ব আৰু তাৰ পাছত অধিক সংখ্যক ভক্তৰ বাবে দর্শনৰ ব্যৱস্থা বিস্তাৰৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব।
উল্লেখযোগ্য যে, অযোধ্যাৰ এই ৰাম মন্দিৰ ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰকল্প হিচাপে বিবেচিত হৈছে, যিয়ে দেশ-বিদেশৰ লাখ লাখ ভক্তক আকৰ্ষণ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।






























