কাৰ্গিল যুদ্ধৰ বীৰ সেনা আৰু মহাবীৰ চক্ৰপ্ৰাপ্ত কৰ্ণেল সোনম ৱাংচুকৰ দেহাৱসান। শুকুৰবাৰে কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ নিজগৃহতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ ।
১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত অসামান্য সাহস আৰু কৌশল প্ৰদৰ্শন কৰি “লায়ন অৱ লাডাখ” হিচাপে সুপ্ৰসিদ্ধ হোৱা কৰ্ণেল ৱাংচুকে অপাৰেচন বিজয়ৰ সময়ত বাটালিক খণ্ডত এক গুৰুত্বপূর্ণ সামৰিক অভিযানৰ নেতৃত্ব লৈ উল্লেখযোগ্য সফলতা অৰ্জন কৰিছিল।
তেওঁৰ দৃঢ় নেতৃত্ব আৰু বীৰত্বই সেই সময়ত ভাৰতীয় সেনাৰ শক্তিক অধিক সুদৃঢ় কৰিছিল।
দীঘলীয়া সামৰিক জীৱনত তেওঁ সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত এক নিষ্ঠাবান আৰু দায়িত্বশীল সৈনিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।
শত্রুৰ সন্মুখীন হৈ দেখুওৱা অসামান্য বীৰত্বৰ স্বীকৃতি স্বৰূপে তেওঁ দেশৰ দ্বিতীয় সৰ্বোচ্চ যুদ্ধকালীন সন্মান “মহাবীৰ চক্ৰ”ৰে ভূষিত হৈছিল।
তেওঁৰ মৃত্যুত দেশজুৰি শোকৰ ছাঁ । ভাৰতীয় সেনা, ৰাজনৈতিক নেতৃত্ব আৰু বিভিন্ন মহলৰ পৰা এই বীৰ সেনাজনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। সকলোৱে তেওঁৰ সাহস, দেশপ্ৰেম আৰু আত্মত্যাগক স্মৰণ কৰিছে।






























