মানুহ আচলতে কোন? বাকী পৃথিৱীৰ স’তে মানুহৰ যোগসূত্র কি? মানুহে কেতিয়াৰ পৰা নিজৰ পৰিচয় বিচাৰিছিল বা কেতিয়াৰ পৰা বুজিব পাৰিছিল যে তেওঁলোক আন প্রাণীতকৈ পৃথক? এই প্রশ্ন দার্শনিকসকলৰ মনত বহু দিনৰ পৰাই আছে। বিজ্ঞানীসকলে আজিও ইয়াৰ উত্তৰ বিচাৰি আছে। যদিও ইয়াৰ উত্তৰ আজিও নাই। এই প্রশ্নক লৈ অনেক তর্ক-বিতর্কও হৈছে।
মানৱ জাতিৰ সাধাৰণ নাম হৈছে ‘হিউমেন’। প্রায় ৬০০-৭০০ বছৰৰ পূৰ্বে লেটিনৰ পৰা ফৰাচী ভাষাৰ মাধ্যমেৰে আহিছে এই শব্দটো। প্রকৃত শব্দটো আছিল ‘হুমেইন’। বাকী পৃথিৱী আৰু সেই পৃথিবীৰ আন জীৱৰ পৰা আমি যে কিছু ভিন্ন ধৰণৰ, এই ধাৰণা বাৰু মানুহৰ মাজলৈ প্ৰথম কেতিয়া আহিছিল?
সেই প্রশ্নৰ উত্তৰক লৈ বিজ্ঞানীমহল আজিও অনিশ্চয়তাত আছে। তেওঁলোকৰ একাংশৰ দাবী, প্রায় ৪০ হেজাৰ বছৰৰ পূৰ্বে মানুহৰ প্ৰথম ধাৰণা হৈছিল যে বাকী জীৱজগৎ তথা প্রকৃতিৰ স’তে তেওঁলোকৰ এক পার্থক্য আছে। কিয় সেই সময়তে এই ধৰণৰ কিবা হোৱা বুলি ধাৰণা কৰিছে এই বিজ্ঞানীসকলে?
তেওঁলোকে যুক্তি দর্শাইছে যে প্রায় ৪০ হেজাৰ বছৰৰ আগতেই মানুহে আচাৰ-অনুষ্ঠান পালন কৰিবলৈ আৰম্ভ কৰিছিল। সেই প্রমাণ পোৱা গৈছে। প্রকৃতি আৰু জীৱজগতক নিয়ন্ত্ৰণ কৰাৰ ব্যৰ্থ চেষ্টাৰ পৰাই মানুহে আচাৰ-আচৰণ আৰম্ভ কৰিছিল।ইয়াৰ পাছতে মানুহে ক্রমে কৃষিকৰ্ম শিকে।
ধর্মাচাৰ, ৰীতি-নীতি পালনৰ দিশে আগ্রহী হ’বলৈ ধৰে। তাৰ লগতে ক্রমে মানুহৰ মনত এই ধাৰণা বদ্ধমূল হ’বলৈ ধৰে যে প্ৰকৃতি, জীৱজগতৰ স’তে তেওঁলোকৰ কিছু প্রভেদ আছে।
দার্শনিক প্লেটোৱে প্রথমে মানুহৰ অস্তিত্বৰ বিষয়ে এটা ধাৰণা দিয়ে। তেওঁ মানুহক কৈছিল ‘দেউকাহীন দ্বিপদ প্রাণী’। খ্রীষ্ট জন্মৰ প্ৰায় ৪০০ বছৰৰ পূৰ্বে তেওঁ ‘দ্য স্টেটছমেন’ত লিখিছিল, চলমান প্রাণীবোৰ দুটা ভাগত বিভক্ত। এক, দ্বিপদ, দুই, চতুষ্পদ। তাৰ পাছতে প্লেটোরে জনাইছিল যে আন দ্বিপদ প্ৰাণীৰ স’তে একেটা বিভাগতে মানুহ থাকিব নোৱাৰে।
সেয়ে দ্বিপদ প্রাণীক ডেউকাযুক্ত আৰু ডেউকাহীন, এই দুটা ভাগত বিভক্ত কৰাটো প্রয়োজন। মানুহ হৈছে ‘ডেউকাহীন দ্বিপদ প্রাণী’। পৰৱৰ্তী সময়ত প্লেটোৰ ছাত্ৰ এৰিষ্ট’টোলে দাবী কৰে যে সমাজত নিজৰ অংশগ্রহণ দেখি মানুহৰ সংজ্ঞা নির্ধাৰণ কৰা হয়। মৌমাখি বা আন যিকোনো পশুৰ গোষ্ঠীৰ তুলনাত মানুহ অতি বেছি ‘ৰাজনৈতিক’। তাৰ পাছতেই উদ্ভৱ হ’ল ‘এনিমেল ৰেচনেল’ পৰিভাষাৰ।
ছুইডেনৰ জীৱবিদ কার্ল নিলাওছ ইয়াৰ পাছত আৰু এখোজ আগুৱাই গৈছে। তেওঁৰ সপোন আছিল কোন প্রাণীৰ কিমান দাঁত, স্তন আছে আৰু সেইবোৰ ক’ত আছে, সেয়া জনাৰ। তাকে কৰিবলৈ গৈ তেওঁ জীৱবিদ্যাৰ ইতিহাস ৰচনা কৰিছিল।
১৭৩৫ত তেওঁ প্রকাশ কৰে ‘ছিষ্টেমা নেচাৰে’। তাত মানুহসহ প্রায় ১০ হেজাৰ উদ্ভিদ আৰু প্ৰাণীৰ কথা – আছিল। তেওঁ মানুহক এনথ্রোপোমফা প্রজাতিত অন্তর্ভুক্ত = কৰিছিল। এই প্রজাতিক আকৌ হোমো (মানুহ), ছিমিয়া (এপ, বান্দৰ), ব্ৰেডিপাছ (শ্লথ)ত ভাগ কৰিছিল।
পাছত লিনাওছৰ ধাৰণা হয় যে শ্লথ আৰু এপ প্রায় একেই ধৰণৰ। তেওঁ ভুলটো বুজিব পাৰি বিভাগবোৰ সলায় পেলায়। লিনাওছৰ স’তে মতবিৰোধ হৈছিল ডাচ্চ প্রকৃতিবিজ্ঞানী গ্রোণোভিয়াছৰ। তেওঁ ১৭৩৫ত লিনাওছলৈ চিঠি লিখি জনাইছিল যে মানুহ আৰু এপক একেটা শ্ৰেণীতে অন্তর্ভুক্ত কৰিব নোৱাৰি।
অৱশ্যে লিনাওছে ইয়াক মানি লোৱা নাছিল। পৰৱৰ্তী সময়ত অৱশ্যে লিনাওছৰ তত্ত্বই সঠিক প্রমাণিত হৈছে। তেওঁ মানুহ আৰু এপ, বান্দৰক এনথ্রোপোমফা বিভাগত অন্তর্ভুক্ত কৰিলেও দাবী কৰিছিল যে এই দুবিধৰ মাজত এটা পার্থক্য আছে আৰু সেই পার্থক্যই গঢ়ি দিয়ে মানুহৰ নিজক বুজিব পৰা ক্ষমতা।
তেওঁৰ এই তত্ত্বৰ কাৰণেই মানুহ য’ত আছিল, তালৈ উভতিব পাৰিছে। অর্থাৎ মানুহো যে প্রাণীজগতৰ অন্তর্ভুক্ত, সেই বিষয়ত সম্যক ধাৰণা লাভ কৰিছে। ১৭৫০ত ‘হোমো’ বৰ্গৰ লগত ‘ছেপিয়েন্স’ বিশেষণ যুক্ত কৰা হয়। লেটিন ভাষাত ছেপিয়েন্সৰ অৰ্থ হৈছে বুদ্ধিমান, জ্ঞানী। ধাৰণা কৰা হয় যে লিনওছৰ হাতত ধৰিয়েই আত্মোপলব্ধি হ’ল মানুহৰ যে তেওঁ নিশ্চিতভাৱে প্ৰাণীকুলৰ অংশ তথা বুদ্ধিমান।






























