Debabrata Saikia:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সোমবাৰে গুৱাহাটী মহানগৰীৰ ভয়াৱহ কৃত্রিম বানপানী, সুৰক্ষাহীন নাগৰিক আন্তঃগাঁথনি, আৰু চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ ফলত জনসাধাৰণৰ জীৱন, জীৱিকা, মর্যাদা আৰু শিক্ষাৰ অধিকাৰ খৰ্ব হোৱাৰ অভিযোগ তুলি অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগত এখন আনুষ্ঠানিক অভিযোগ দাখিল কৰে। তেওঁ এই পৰিস্থিতিক চৰকাৰৰ এক বহুমুখী ব্যর্থতা বুলি অভিহিত কৰে, য’ত সাধাৰণ নাগৰিকে প্ৰতিদিনে দুর্ভোগ ভুগিবলগীয়া হৈছে।
গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০২২ চনৰ পৰা ২০২৪ চনলৈ কৃত্রিম বান নিয়ন্ত্ৰণ আৰু ত্রুটিপূর্ণ নলা ব্যৱস্থাৰ সন্দর্ভত কেইবাটাও নিৰ্দেশনা প্ৰদান কৰাৰ পাছতো ৰাজ্য চৰকাৰে সেয়া কাৰ্যকৰী কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি শইকীয়াই অভিযোগ কৰে।
আনহাতে মালিগাঁৱত উন্মুক্ত নলাত পৰি মহিলাৰ মৃত্যু আৰু ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতিসাধন আদি ঘটনাই চৰকাৰৰ চৰম গাফিলতি উদঙাই দিছে বুলি উল কৰি শইকীয়াই কয়, কৃত্রিম বানৰ বাবে সঘনাই বিদ্যালয়সমূহ বন্ধ ৰাখিবলগীয়া হোৱাত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ অধিকাৰো প্ৰত্যক্ষভাৱে উলংঘন হৈছে আৰু দিন হাজিৰা কৰা লোকসকলৰ জীৱিকাৰ ওপৰত মাধমাৰ পৰিছে।
“বানমুক্ত গুৱাহাটী”ৰ প্ৰতিশ্ৰুতি দি চৰকাৰে শিলসাঁকো বিলৰ পৰা প্ৰায় ১২০০ পৰিয়ালক উচ্ছেদ কৰাৰ প্ৰসংগ উল্লেখ কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে বান নিয়ন্ত্ৰণৰ নামত খিলঞ্জীয়া লোকক গৃহহীন কৰা হ’ল যদিও গুৱাহাটীৰ বানপানীৰ কোনো সমাধান নহ’ল। ইয়াৰ লগতে, আৰ টি আই যোগে প্রাপ্ত তথ্যৰ পৰা পোহৰলৈ আহিছে যে নগৰ উন্নয়ন বিভাগৰ অধীনত বজাৰ মূল্যতকৈ অধিক দামত ‘ছুপাৰ ছাকাৰ’ আৰু আন যন্ত্রাংশ ক্ৰয় কৰা হৈছে। এই অনিয়মে বৃহৎ বিত্তীয় কেলেংকাৰী আৰু ৰাজহুৱা ধনৰ অপব্যৱহাৰৰ স্পষ্ট ইংগিত বহন কৰে।
শইকীয়াই মানৱ অধিকাৰ আয়োগক এই সমগ্ৰ বিষয়টোৰ ওপৰত suo motu গোচৰ ৰুজু কৰি এক উচ্চ পৰ্যায়ৰ তদন্তৰ নির্দেশ দিবলৈ আহ্বান জনাইছে। তেওঁ চৰকাৰী পুঁজিৰ ব্যৱহাৰৰ এক স্বতন্ত্ৰ নিৰীক্ষণ, শিলসাঁকোৰ উচ্ছেদ আৰু ক্ষতিপূৰণৰ প্ৰকৃত তদন্ত, লগতে ভুক্তভোগীসকলক উপযুক্ত আর্থিক সাহায্য প্ৰদানৰ দাবী জনাইছে। জনসাধাৰণক তৎকালীন সকাহ দিবৰ বাবে মুকলি নলাসমূহ অনতিপলমে বন্ধ কৰা, আৱদ্ধ পানী নিষ্কাশনৰ জৰুৰী ব্যৱস্থা কৰা আৰু বিদ্যুৎ সুৰক্ষা নিশ্চিত কৰিবলৈকো তেওঁ আয়োগৰ জৰুৰী হস্তক্ষেপ বিচাৰিছে।






























