Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

জেইইত ৯৯ শতাংশ নম্বৰ লাভৰ পাছতো আইআইটিত পছন্দৰ পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ নাই

publisher by publisher
April 23, 2026
in India, News
Reading Time: 1 min read
0
জেইইত ৯৯ শতাংশ নম্বৰ লাভৰ পাছতো আইআইটিত পছন্দৰ পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ নাই
2
SHARES
15
VIEWS
ShareShareShareShare

পেট্রল-ডিজেল বা খাদ্যবস্তুৰ মূল্যবৃদ্ধিয়ে নিশ্চয় আপোনাকো উদ্বিগ্ন কৰে। এই ক্ষেত্রত অস্বাভাবিক বুলিবলৈ একো নাথাকিলেও হয়তো আপুনি বিগত কিছু বছৰৰ পৰা দেশত স্কুলীয়া স্তৰৰ পৰা আৰম্ভকৰি বিভিন্ন পৰীক্ষাত নম্বৰৰস্ফীতি ঘটাক লৈ বিশেষ উদ্বিগ্ন হোৱা নাই; কিন্তু নম্বৰৰ এই মুদ্রাস্ফীতিয়ে বহুতকে চিন্তান্বিত কৰিছে।

ADVERTISEMENT

কাৰণ শেহতীয়া কিছু বছৰত দেখা গৈছে যে হাইস্কুল শিক্ষান্তই হওক বা উচ্চতৰ মাধ্যমিক চূড়ান্ততেই হওক, ৯০-৯৫ শতাংশৰো অধিক নম্বৰ লাভকৰা বহু ছাত্র-ছাত্রীয়েও দেশৰ অগ্রণী শিক্ষানুষ্ঠানত নামভর্তি কৰিবলৈ সক্ষম হোৱা নাই।

RelatedPosts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

বহুতে বিশ্বাস কৰিবলৈ টান পালেও সত্য যে এইবাৰ আইআইটিৰ বাছনিৰ মূল পৰীক্ষাত ৯৯ শতাংশ নম্বৰ লাভ কৰা ছাত্র-ছাত্রীয়েও আইআইটি-এনআইটিৰ দৰে অগ্রণী অভিযান্ত্রিক শিক্ষানুষ্ঠানত নামভর্তির সুযোগ পোৱাৰ সম্ভাবনা ক্ষীণ। উল্লেখ্য যে চলিত বৰ্ষৰ জেইই মেইনছৰ দুয়োটা পর্যায়ত জেইই এডভান্সডৰ বাবে বাছনি লাভ কৰে মুঠ দুই লাখ ৫০ হেজাৰ ছাত্ৰ-ছাত্ৰীয়ে।

ইয়াৰ বিপৰীতে আইআইটি, এনআইটি, আইআইটিসমূহত থকা মুঠ স্নাতক আসনৰ সংখ্যা ৬৩ হেজাৰহে। ইয়াৰে আইআইটিসমূহত থকা স্নাতক পর্যায়ব মুঠ আসনৰ সংখ্যা হৈছে ১৮ হেজাৰ। গতিকে গৰিষ্ঠসংখ্যক ছাত্র-ছাত্রীয়ে এনে অগ্রণী শিক্ষানুষ্ঠানত নামভৰ্তিৰ সুযোগৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত হৈছে।

‘ফিজিক্স বালা’ শীর্ষক সংস্থাৰ তথ্য অনুসৰি, এইবাৰৰ জেইই মেইনছৰ প্ৰথম পর্বত ১৫ হেজাৰৰো অধিক ছাত্র-ছাত্রীয়ে ৯৯ শতাংশতকৈ অধিক নম্বৰ লাভ কৰে।

অৱশ্যে এনে নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃত তথ্য পোহৰলৈ অহা নাই। ইয়াৰ বিপৰীতে আটাইকেইখন আইআইটিত থকা স্নাতক আসনৰ সংখ্যা হ’ল ১৮ হেজাৰহে। অর্থাৎ ৯০-৯৯ শতাংশ নম্বৰ লাভ কৰা ছাত্র-ছাত্রীসকলে আইআইটিত নামভর্তি কৰিবলৈ সক্ষম হ’বনে নাই, সেয়া স্পষ্ট হোৱা নাই।

এইবাৰ সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে জেইই এডভান্সডত অৱতীৰ্ণ হোৱাৰ বাবে কার্ট অফ নম্বৰ হ’ল ৯৩.২ শতাংশৰ পৰা ৯৪.১ শতাংশ। সম্প্রতি অভিযান্ত্রিক পাঠ্যক্রমসমূহৰ ভিতৰত প্ৰথম বাছনিত থকা কম্পিউটাৰ ছায়েন্স পাঠ্যক্রমত আইআইটিত নামভৰ্তিৰ সুযোগ পোৱাটো অত্যন্ত কঠিন হৈছে।

বিশেষকৈ সাতখন পুৰণি আইআইটিত ৯৯ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰয়ো নামভৰ্তিৰ সুযোগ নাপাব পাৰে। কাৰণ এনে নম্বৰ লাভ কৰা এজন ছাত্ৰৰ ৰেংক ১০ হেজাৰৰ পৰা ১২ হেজাৰৰ মাজত থাকিব। ইয়াৰ বিপৰীতে দেশৰ অন্যতম পুৰণি আইআইটি বোম্বে আইআইটিত কম্পিউটাৰ ছায়েন্সৰ স্নাতক মহলাৰ আসনৰ সংখ্যা মাথোঁ ৬৬ খনহে।

একে অৱস্থা আন ছয় আইআইটি ক্রমে দিল্লী, মাদ্ৰাছ, কানপুৰ, খড়গপুৰ, ৰুৰকি আৰু গুৱাহাটীস্থিত আইআইটিবো। কাজেই নম্বৰৰ এই প্ৰচণ্ড ঊর্ধ্বমুখী গতিত এক ৰুদ্ধশ্বাস পৰিৱেশৰ সৃষ্টি হৈছে।

দেশৰ অগ্ৰণী অভিযান্ত্রিক প্রতিষ্ঠানসমূহত নামভৰ্তিৰ ক্ষেত্ৰত নম্বৰৰ এনে প্রচণ্ড প্রতিযোগিতাৰ সুযোগ ল’বলৈ লৈছে দেশৰ বিভিন্ন স্থানত গঢ়ি উঠা ক’চিং প্রতিষ্ঠানে। এই প্রতিষ্ঠানসমূহে বহু ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকক একপ্ৰকাৰ পতিয়ন নিয়াবলৈ সক্ষম হৈছে যে ক’চিং ল’লেহে তেওঁলোকৰ সন্তানৰ আগশাৰীৰ শিক্ষানুষ্ঠানত অধ্যয়নৰ সপোন পূৰণ হ’ব।

এই ক্ষেত্রত ক’চিং প্রতিষ্ঠানসমূহ সফল হোৱাত দেশত ক’চিং প্রতিষ্ঠানৰ এক বিশাল ব্যৱসায়িক সাম্রাজ্য গঢ়ি উঠিছে। সম্প্রতি সমগ্র দেশৰ ক’চিং প্রতিষ্ঠানসমূহৰ মুঠ আয় অবিশ্বাস্য ধৰণে ৫৪ হেজাৰ কোটি টকা হৈছে। এই ক’চিং প্রতিষ্ঠানসমূহৰ পৰা কেন্দ্ৰীয় চৰকাৰেও লাভ অৰ্জন কৰি আহিছে। কাৰণ ক’চিং প্রতিষ্ঠানসমূহৰ ওপৰত ১৮ শতাংশ জিএছটি আৰোপ কৰা হৈছে।

অথচ এই প্রতিষ্ঠানসমূহে সঁচাকৈয়ে দেশৰ লাখ লাখ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সপোন সাকাৰ কৰাত সহায় কৰিছেনে নাই, সেই খবৰ ল’বলৈ চৰকাৰৰ আগ্রহ নাই।

প্রতিবাৰেই পৰীক্ষাৰ অন্তত এনে ক’চিং প্রতিষ্ঠানে লাখটকীয়া বিজ্ঞাপন প্রকাশ কৰে। এনে বিজ্ঞাপনত শীর্ষ বা এশ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ নাম-ফটো প্রকাশ কৰা হয়; কিন্তু ক’চিং প্রতিষ্ঠানৰ বিজ্ঞাপনত প্রকাশ নাপায় বিফল ছাত্র-ছাত্রীসকলৰ কথা।

গতিকে সন্তানৰ বাবে অগ্রণী শিক্ষানুষ্ঠানৰ আসন নিশ্চিত কৰাৰ স্বাৰ্থত অভিভাৱক-অভিভাবিকাৰ দৌৰ আৰম্ভ হয়। ২০-২৫ লাখ টকা পর্যন্ত ব্যয় কৰি বহুতে সন্তানক এনে ক’চিং প্রতিষ্ঠানলৈ প্ৰেৰণ কৰে। ইয়াকে কৰোতে বহুতে স্থাৱৰ-অস্থাৱৰ সম্পত্তি পর্যন্ত বিক্ৰী কৰি আহিছে।

অথচ এনে ক’চিং প্রতিষ্ঠানত নামভৰ্তি কৰা গৰিষ্ঠসংখ্যকৰে সপোন অপূর্ণ হৈয়ে ৰয়। এইবাৰো একে পৰিস্থিতিয়ে দেখা দিছে। জেইই মেইনছত উত্তীর্ণ আঢ়ৈ লাখৰ মাথোঁ ৬৩ হেজাৰেহে আইআইটি, এনআইটিৰ দৰে আগশাৰীৰ অভিযান্ত্রিক শিক্ষানুষ্ঠানত নামভৰ্তিৰ সুযোগ পাব। অর্থাৎ লক্ষ লক্ষ মেধাবী ছাত্র-ছাত্ৰীৰ ভঙা সপোনৰ ওপৰতে গঢ়ি উঠিছে ক’চিং প্রতিষ্ঠানসমূহৰ এই ৫৪ হেজাৰ কোটিটকীয়া সাম্রাজ্য।

ক’চিঙৰ ক্ষেত্ৰত ৰাজস্থানৰ ক’টা বহু বছৰ ধৰি চৰ্চাত আছে। দেশৰ বিভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰীয়ে ক’টালৈ ক’চিং কৰিবলৈ যায়। ক’টাৰ এক শীর্ষ ক’চিং প্ৰতিষ্ঠানৰ দুবছৰীয়া সংহত জেইই পাঠ্যক্ৰমৰ টিউচন মাচুলেই হৈছে আঠ-১২ লাখ টকা। ছাত্রাবাস, অধ্যয়নৰ সমল পুথি, থকা-খোৱা আদি খৰচ ধৰিলে এই প্রতিষ্ঠানত ক’চিং গ্ৰহণৰ নামত এজন ছাত্রই ১৫-২৫ লাখ টকা আদায় দিবলগীয়া হয়।

উল্লেখ্য যে শেহতীয়াভারে দেশত আইআইটি জেইইত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি পাই আহিছে। এইবাৰৰ জেইই মেইনছৰ দুয়োটা পৰ্বত সমগ্র দেশৰ কমেও ২৪ লাখ ছাত্র-ছাত্রী অবতীর্ণ হয়। ইয়াৰ বিপৰীতে ২০২২ত জেইই মেইনছৰ প্ৰথম পর্বত ৮.৭ লাখ ছাত্র-ছাত্ৰীয়েহে পঞ্জীয়ন কৰিছিল; কিন্তু ইয়াৰ চাৰি বছৰৰ পাছত এইবাৰ জেইই মেইনছৰ প্ৰথম পর্বত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৩.৫ লাখলৈ বৃদ্ধি পায়।

ফলস্বৰূপে ক’চিং প্রতিষ্ঠানসমূহৰ আয়ো বৃহৎ হাৰত বৃদ্ধি পাইছে। কাৰণ এই বাছনি পৰীক্ষাত অৱতীৰ্ণ হোৱা অধিকাংশ ছাত্র-ছাত্রীয়েই ক’চিং প্রতিষ্ঠানত ভর্তি হয়। লাখ লাখ টকা ব্যয় কৰি ক’চিং গ্ৰহণ কৰা সত্ত্বেও সিংহভাগ ছাত্র-ছাত্ৰীৰ আইআইটি, এনআইটি আদিত অধ্যয়নৰ সপোন কেৱল এক কল্পনা হৈয়ে ৰয়।

অগণন মেধাৱী ছাত্র-ছাত্রীৰ এই সপোন ভঙাৰ বেদনা কিমানে উপলব্ধি কৰে, সেয়া কোৱা বাহুল্য মাথোঁ। আনহাতে, ক’চিং প্রতিষ্ঠানৰ এনে দৌৰাত্ম্যই দৰিদ্ৰ আৰু নিম্ন আয়ৰ পৰিয়ালসমূহৰ ছাত্ৰ-ছাত্ৰীৰ সপোন মনৰ মাজতে সামৰি ৰাখিবলৈয়ো একপ্ৰকাৰ যে বাধ্য কৰিছে, সেয়া কোৱা বাহুল্য মাথোন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d