Mathgharia Accident Update:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:মহানগৰীৰ মাজমজিয়াৰ মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে নাম সাঙোৰ খোৱা গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড়ৰ লাহোৱালত আত্মগোপন কৰি থকা অৱস্থাত ডিব্ৰুগড় আৰক্ষীয়ে দেওবাৰে নিশা গ্ৰেপ্তাৰ কৰাৰ পিছত নিশাই ডিব্ৰুগড়ত উপস্থিত হয় নুনমাটি থানাৰ আৰক্ষীৰ দল ৷ আজি পুৱা ছামিম আহমেদক ডিব্ৰুগড়ৰ পৰা নুনমাটি থানালৈ অনা হয় ৷
উল্লেখ্য যে শনিবাৰে মাজনিশা ছামিম আহমেদে চলাই অহা ছুইফট ডিজায়াৰ খনে তীব্ৰ বেগত আহি খুন্দিয়াছিল এখন ৰৈ থকা ট্ৰাকত ৷ ফলত ছুইফট খনৰ তিনি গৰাকী যুৱতী আৰোহী ছটফটাই থিতাতে কৰুণ মৃত্যুক সাবটি লোৱাৰ বিপৰীতে সামান্য আঘাতপ্ৰাপ্ত ছামিমে দুৰ্ঘটনা সংঘটিত হোৱাৰ সমীপতে থকা গেইট হাস্পতালত নিজৰ চিকিৎসা কৰি উধাও হয় ৷
উল্লেখ্য যে মঠঘৰীয়াৰ দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰা পিছৰে পৰা ছামিমৰ ম’বাইলৰ চুইচ বন্ধ আছিল। অৱশ্যে ২৭ এপ্ৰিললত ম’বাইল চুইছ অন পোৱাৰ পিছতেআৰক্ষীয়ে ডিব্ৰুগড় বিমান বন্দৰৰ ওচৰত ছামিমৰ উপস্থিতি ধৰা পেলাই আৰু লগে লগে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৷
উল্লেখ্য যে মঠঘৰীয়াত শনিবাৰে মাজনিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাটোত মৃত্যুক সাৱটি লয় সোণাৰিৰ সাপেখাটিৰ আকাংক্ষা শইকীয়া ,বঙাইগাঁৱৰ আৰামিনা আহমেদ আৰু মেঘালয়ৰ উইলিয়াম নগৰৰ পূজা সাহা ৷ আকাংক্ষা আৰু পূজা আছিল মহানগৰীৰ ৰয়েল গ্লৱেল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী। একেদৰে আৰামিনা আহমেদ আছিল ইঞ্জিনীয়াৰিঙৰ চুড়ান্তবৰ্ষ শিক্ষাৰ্থী ৷ তেওঁ বিবাহ আছিল মে’ৰ মাজভাগত ৷
আনহাতে তিনি যুৱতীক কঢ়িয়াই নিয়া অভিশপ্ত ছুইফট ডিজায়াৰ খনৰ চালক ছামিম আহমেদক ডিব্ৰুগড়ৰ লাহোৱালত গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি গুৱাহাটী যান বাহন আৰক্ষী ডিচিপিয়ে উল্লেখ কৰে যে আটকাধীন ছামিম আহমেদক নুনুমাটি আৰক্ষীয়ে ডিব্ৰুগড় আৰক্ষীৰ পৰা নিজৰ জিন্মাত ইতিমধ্যে লৈছে ৷ জেৰাতহে সকলো কথা পোহৰলৈ আহিব ৷ একেদৰে আৰক্ষীৰ ক্ষীপ্ৰ তদন্ত অব্যাহত আছে বুলি সদৰি কাে ডিচিপি গৰাকীয়ে ৷






























