CEO Pressmeet in Loksewa bhawan:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাত্ৰ পাঁচটা দিন থকা ৰাজ্যিক নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে দিছপুৰস্থিত লোকসেৱা ভৱনত এক সংবাদমেল সম্বোধন কৰি ভোট গণনা প্ৰস্তুতি সন্দৰ্ভত কেতবোৰ নিৰ্দেশনা সদৰি কৰে ৷ ৰাজ্যৰ সদ্য সমাপ্ত নিৰ্বাচনত ভোটাৰে যি হাৰত ভোটদান কৰিলে সি কাৰ্যত নজিৰবিহীন বুলি উল্লেখ কৰি গোৱেলে কয় ৩০-৩৫ বছৰৰ পাছত এইবাৰৰ নিৰ্বাচন ঐতিহাসিক | সৰ্বাধিক ভোটগ্ৰহণ হৈছে এইবাৰৰ নিৰ্বাচনত ৷
মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে আৰু কয় যে ,বিজয়ৰ পাছত কোনো দল বা প্রার্থীয়ে উলিয়াব নোৱাৰিব বিজয় ৰেলী- সমদল ৷ আনহাতে পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হৈ বিয়লি ৫ ৰ পৰা সন্ধিয়া ৭ বজাৰ ভিতৰত কৰা হ’ব চূড়ান্ত ফলাফল ৷ ৰাজ্যৰ ৪০ টা স্থানত হ’ব ভোট গণনা ৷ একেদৰে ১২৬টা সমষ্টিৰ বাবে এজনকৈ আইএএছ বিষয়াক পর্যবেক্ষক হিচাপে দায়িত্ব দিয়া হয় I প্ৰতিটো ভোটগণনা কেন্দ্ৰক কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হ’ব বুলিও উল্লেখ কৰে গোৱেলে ৷































