অন্যান্য কাৰকৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ উর্ধ্বমুখী গতিৰ বাবে ভাৰসাম্য হেৰুওৱা ভাৰতীয় মুদ্রাৰ স্খলনে বৃহস্পতিবাৰে সর্বকালৰ অভিলেখ সৃষ্টি কৰে।প্রতি ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্যৰ অতি শোচনীয়ভাবে ৯৫.৩০ টকালৈ অবনমন ঘটে।
কালি পুৱা বৈদেশিক বিনিয়োগ বজাৰত আৰম্ভণিতে টকাৰ মূল্য আছিল এক ডলাৰৰ বিপৰীতে ৯৫ টকা। পৰৱৰ্তী সময়ত ৪৬ পইচা হ্রাস হৈ শোচনীয় পতন ঘটে। এক প্রতিবেদন অনুসৰি মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইৰানৰ বন্দৰসমূহত মার্কিন অৱৰোধৰ ম্যাদ বৃদ্ধি কৰিব বুলি বাতৰি প্ৰচাৰ হোৱাত আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য আজি চাৰি বছৰৰ ভিতৰতে সর্বাধিক সাত শতাংশ বৃদ্ধি পায়।
এই মর্মে আগশাৰীৰ কোম্পানী ব্ৰেণ্ট ক্রুডৰ প্ৰতি বেৰেলৰ মূল্য আজি প্রথমতে হয় ১২৬.৪ ডলাৰ আৰু পাছত ই ১১৬ ডলাৰ হয়গৈ। যোৱা ফেব্ৰুৱাৰীত যুদ্ধৰ পৰিস্থিতিৰ পূর্বে ব্ৰেণ্টৰ খাৰুৱা তেলৰ মূল্য প্রতি বেৰেলত আছিল ৭৮ ডলাৰ।
ইপিনে, বুধবাৰে সৃষ্টি হোৱা অনিশ্চয়তাৰ পৰিৱেশত আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য তিনি শতাংশ বৃদ্ধি পায়।একেদৰে ভাৰতৰ শ্বেয়াৰ বজাৰত কঁপনি উঠে। ছেনছেক্স আৰু নীফটিৰ সূচকাংক ০.৭ শতাংশৰ অধিক পতন হয়।
ইপিনে, বিদেশী বিনিময়ৰ তথ্য অনুসৰি বিদেশী প্রতিষ্ঠানিক বিনিয়োগকাৰীসকলে বুধবাৰে ২৪৬০ কোটি টকা বজাৰৰ পৰা উলিয়াই লৈ যায়।
অৱশ্যে ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ হস্তক্ষেপত টকাৰ বল সামান্য বৃদ্ধি হয় আৰু বজাৰ বন্ধৰ সময়ত প্ৰতি ডলাৰৰ বিপৰীতে মূল্য হয় ৯৪.৯২ টকা। চলিত বৰ্ষত এই পর্যন্ত ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৫.৬ শতাংশ অৱনমিত হৈছে। এইদৰে টকাৰ ছন্দপতনত উৎসাহ হেৰুৱাইছে বিদেশী প্রতিষ্ঠানিক বিনিয়োগকাৰীয়ে।
ভাৰতৰ বজাৰৰ পৰা আতংকিত হৈ বিনিয়োগৰ ধন উলিয়াই লৈ গৈছে এইসকলে। মুদ্ৰাৰ ব্যৱসায়ীসকলে কয় যে ধাৰাবাহিক বিদেশী বিনিয়োগৰ বহির্গমনেও টকাৰ মান নিম্নগামী কৰাত অৰিহণা যোগাইছে। এই পর্যন্ত ২০২৬তে বিদেশী প’র্টফলিঅ’ বিনিয়োগকাৰীয়ে ২০.২ বিলিয়ন ডলাৰ অর্থাৎ ভাৰতীয় টকাত ১৯১৬ কোটি ৭২ লাখ ৫৪ হেজাৰ আঠশ টকা ভাৰতৰ বজাৰৰ পৰা উলিয়াই লৈ যায়। ইজৰাইল আৰু ইৰানৰ বিৰুদ্ধে যুদ্ধৰ পৰিণতিত হৰমুজ প্রণালী যিমানদিনলৈ বন্ধ হৈ থাকিব এই চাপ অব্যাহত থাকিব বুলি ব্যৱসায়ীসকলে কয়।
বিশ্লেষকসকলৰ মতে, খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ লগতে অব্যাহত থকা ভূ-ৰাজনৈতিক উত্তেজনা আৰু ডলাৰৰ শক্তি বর্ধনৰ বাবেই এইদৰে ধাৰাবাহিকভাৱে দুৰ্বল হৈ আছে ভাৰতীয় মুদ্রা। অনাগত দিনত টকাৰ ওপৰত চাপ অধিক বৃদ্ধি পাব বুলিও আশংকা প্রকাশিত হৈছে।






























