Afghan refugee women Team:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-বিশ্বকাপকে ধৰি ফিফাই আয়োজন কৰা বিভিন্ন প্রতিযোগিতাত খেলিব পাৰিব আফগানিস্তানৰ শৰণাৰ্থী মহিলা ফুটবল দলে। এই মুহূৰ্তত দলটোৱে ‘আফগান অ’মেন ইউনাইটেড’ নামত খেলি আহিছে। এতিয়াৰ পৰা তেওঁলোকে আফগানিস্তানৰ নামতে খেলিব পাৰিব। এই সিদ্ধান্ত লৈছে ফিফাই।
ADVERTISEMENT
আফগান মহিলা ফুটবল দলে শেষবাৰলৈ ২০১৮ত কোনো প্রতিযোগিতাত খেলিছিল। তালিবান ক্ষমতালৈ অহাৰ পাছত মহিলা ফুটবল দলটো ভাঙি দিয়া হয়। তাৰ পাছৰে পৰা আফগান মহিলা খেলুৱৈসকলে বিশ্বৰ বিভিন্ন দেশত আশ্রয় লৈ আছে। তেওঁলোকে বিগত বছৰসমূহত আফগান শৰণাৰ্থীৰূপে বিভিন্ন নাম লৈ ফুটবল খেলি আহিছে। এতিয়াৰ পৰা তেওঁলোকে দেশৰ পতাকাৰ অধীনত খেলিব পাৰিব।





























