বিগত দুদিন ধৰি দেশবাসীয়ে উপভোগ কৰিছে মনোৰম বতৰ । গৰমৰ প্ৰকোপ কমাই স্বস্তিৰ বৰষুণে তাপমাত্ৰা উল্লেখযোগ্যভাৱে হ্ৰাস কৰিছে। বতৰ বিভাগৰ পূৰ্বাভাস অনুসৰি, সমগ্ৰ মে’ মাহজুৰি এই ধৰণৰ বতৰ সময় সময়ত ঘূৰি আহিব পাৰে।
ভাৰতীয় আবহাৱা বিভাগ(India Meteorological Department)ৰ তথ্য অনুসৰি, এইবাৰ দেশজুৰি প্ৰাক-বৰ্ষা বৃষ্টিপাত সাধাৰণতকৈ যথেষ্ট বেছি হ’ব। বৃষ্টিপাতৰ ‘লং পিৰিয়ড এভাৰেজ’ (LPA) ১১০ শতাংশ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে, অৰ্থাৎ গ্ৰীষ্মকালত সাধাৰণতে যিমান বৰষুণ হয়, তাৰ তুলনাত এইবাৰ অধিক বৰষুণ হ’ব।
তথ্য অনুসৰি, ১৯৭১ৰ পৰা ২০২০লৈকে মে’ মাহত গড় বৃষ্টিপাত আছিল ৬৪.১ মিলিমিটাৰ। কিন্তু এইবাৰ সেই গড় অতিক্ৰম কৰি অধিক বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।
যদিও বৃষ্টিপাতৰ বণ্টনত আঞ্চলিক অসমতো দেখা যাব পাৰে বুলি বতৰবিদসকলে জনাইছে। দেশৰ বহু অংশত যথেষ্ট বৰষুণ হোৱাৰ সম্ভাৱনা থাকিলেও পূৰ্ব আৰু উত্তৰ-পূৰ্ব ভাৰতৰ কিছুমান অঞ্চলত, লগতে পূৰ্ব-মধ্যাঞ্চলত সাধাৰণতকৈ কম বৰষুণ হ’ব পাৰে।
এই আঞ্চলিক ভিন্নতাই কৃষি পৰিকল্পনাত প্ৰভাৱ পেলাব পাৰে, বিশেষকৈ সেইসমূহ ফচলত যিবোৰ মৌচুমৰ আৰম্ভণিৰ বৰষুণৰ ওপৰত নিৰ্ভৰশীল।
ইয়াৰ উপৰিও, কিছুমান অঞ্চলৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে। ইয়াৰ ভিতৰত ছিক্কিম আৰু হিমালয় সংলগ্ন পশ্চিমবংগৰ অংশসমূহ আছে।
অহা পাঁচ মে’ত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা থকা লগতে বজ্ৰপাত আৰু ঘণ্টাত ৪০-৬০ কিলোমিটাৰ বেগত ধুমুহা বতাহ বোৱাৰো পূৰ্বাভাস দিয়া হৈছে।
বতৰ বিভাগে সতৰ্ক কৰি দিছে যে কিছু সময়ত অধিক বৰষুণ হ’লে নগৰাঞ্চলত পানীত ডুব যোৱাৰ সম্ভাৱনা বৃদ্ধি পাব আৰু লগতে কৃষি ফচলৰো ব্যাপক ক্ষতি হ’ব পাৰে।






























