মঙলদৈ: “ বৰ্তমান বিজেপিৰ কোনো নিৰ্বাচনী ইছ্যু নাই ৷ আগতে যিবোৰ আছিল সেই সকলোবোৰ বিফল হোৱাৰ পাছত তেখেতসকলে কোনো ইছ্যু লৈ ৰাইজৰ আগত ওলাব পৰা নাই৷ ” এই সমালোচনা মঙলদৈৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ ৷ আজি সন্ধিয়া মঙলদৈ চহৰৰ এখন হোটেলত অনুস্হিত এখন সংবাদমেলত তেওঁ আৰু কয়, ” বিগত নিৰ্বাচনত বিজেপিয়ে পাঁচ বছৰত ১০ কোটিক চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ কিন্ত এতিয়া দিনে ৭২ হাজাৰেে চাকৰি হেৰুৱাব লগীয়া হৈছে ৷ প্ৰতিজনৰ বেংক একাউণ্টত ১৫ লাখ টকাকৈ জমা হব বুলি কৈছিল ৷ কিন্ত সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিনত হল ৷ সেয়ে এতিয়া তেখেতসকলে কোনো ইছ্যু দাঙি ধৰিব পৰা নাই ৷” তেওঁ কয় যে বিগত তিনিটা কাৰ্যকালত মঙলদৈৰ সাংসদকেইজনে কোনো উদ্যোগ বাণিজ্য বা উল্লেখযোগ্য কাম কৰিব নোৱাৰাটো ৰাইজে জানে ৷ বিজেপিৰ চৰম ব্যৰ্থতাই তেওঁৰ মূলধন বুলি দাবী কৰে ৷ তদুপৰি মঙলদৈ চহৰৰ বাহিৰেদি চাৰিলেনযুক্ত বাইপাছ নিৰ্মাণ কৰা, শাক পাচলিৰ উন্নত বজাৰ গঢ়ি তোলা হব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ দৰং জিলা কংগ্ৰেছৰ সভানেত্ৰী ওৱাহিদা আহমেদ উপস্থিত থকা সংবাদ মেলত কলিতাই কয়, ” বিজেপি চৰকাৰ মানেই প্ৰতাৰণাৰ চৰকাৰ ৷ গতিকে ৰাইজে এইবাৰ উচিত প্ৰত্যুত্তৰ দিয়াটো খাটাং ৷”