ক’ভিড-১৯ ভাইৰাছে ৰাজ্যত এক আতংকময় পৰিৱেশ সৃষ্টি কৰি ৰখাৰ সময়তে তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত শ্বাস-প্ৰশ্বাস জনিত সমস্যাত ৰোগী মৃত্যু হোৱাক কেন্দ্ৰ কৰি প্ৰশাসনে কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছে । ঘটনাৰ সংক্ৰান্তত জিলা প্ৰশাসনৰ ভাষ্য অনুসৰি, তেজপুৰ মিছন চাৰিআলিস্থিত ব্যাপিষ্ট মিছন হাস্পতালত যোৱা সাত এপ্ৰিলত এজন শ্বাস-প্ৰশ্বাসজনিত সমস্যা ‘চিভিয়াৰ একিউট ৰেস্পিৰেটৰী ইনফেকচন’ত ভূগি থকা ৪৪ বছৰীয়া ৰোগী ভৰ্তি হৈছিল। কিন্তু ৰোগীজন চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল। দেশৰ সাম্প্ৰতিক পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশাৱলী অনুযায়ী এনে ৰোগত আক্ৰান্ত ৰোগীক ক’ভিড-১৯ ৰ পৰীক্ষা কৰোৱাটো বাধ্যতামূলক যদিও চিকিৎসালয়খনে কৰা নাছিল এই পৰীক্ষা। যাৰ ফলত চিকিৎসলয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত গাফিলতি কৰাৰ অভিযোগত শোণিতপুৰ জিলা প্ৰশাসনে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।
ইফালে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ এক বিশেষ সমিতিয়ে মৃত ৰোগীজনৰ ‘কেচ ৰিপৰ্ট’নিৰীক্ষণ কৰাৰ পিছত ক’ভিড-১৯ ভাইৰাছ সংক্ৰমন পৰীক্ষাৰ বাবে মৃত ৰোগীজনৰ নমুনা সংগ্ৰহ কৰে। অৱশ্যে মৃত ৰোগীজনৰ দেহত ধৰা নপৰিল কৰ’না ভাইৰাছ।উল্লেখ্য যে, জিলাখনৰ দণ্ডাধীশ মানবেন্দ্ৰ প্ৰতাপ সিঙৰ স্বাক্ষৰিত জাননীত চিকিৎসালয়ৰ কৰ্তৃপক্ষক তিনিদিনৰ ভিতৰত মহামাৰী ৰোগ আইন, ১৮৯৭ আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ অধীনত হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে কিয় আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ’ব তাৰ উত্তৰ দিবলৈ নিৰ্দেশ দিছে । আনফালে, মৃত লোকজন প্ৰথম অৱস্থাত জ্বৰত আক্ৰান্ত হোৱাৰ কথা স্থানীয় একাংশ লোকে প্ৰকাশ কৰিছে।