লকডাউনৰ প্ৰভাৱত ৰাজ্যত ম্লান পৰিছে ৰঙালীৰ আনন্দ

IMG 20200412 WA0005

বিশ্বজুৰি চলি থকা মহামাৰী কৰ’নাৰ আতংকৰ মাজতে ৰাজ্যত আহি পালে হেপাহঁৰ ৰঙালী বিহুটি। কিন্তু দেশজুৰি লকডাউন চলি থকাৰ সমান্তৰালভাৱে ৰাজ্যত এতিয়া নাই ৰঙালীৰ উচাহ-আনন্দ। কিয়নো বিশ্বজুৰি কৰ’না ভাইৰাচে সংহাৰী ৰূপ ধাৰণ কৰিছে । এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা সমগ্ৰ বিশ্বতে অকল্পনীয়ভাৱে ক্ৰমাৎ বৃদ্ধি পাই পাই আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ বিভিন্ন দেশে লকডাউন ঘোষণা কৰিছে। কিন্তু ইয়াৰ মাজতো বৃদ্ধি পায় আছে  মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত লোকৰ সংখ্যা। ভাৰতবৰ্ষতো এই মহামাৰীত আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সংক্ৰমণ ৰোধৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিগত ২৪ মাৰ্চৰ নিশা ১২ বজাৰ পৰা সমগ্ৰ দেশতে বলবৎ হোৱাকৈ ২১ দিনীয়া লকডাউন কাৰ্যসূচী ঘোষণা কৰিছিল। ইয়াৰ পাছতে ৰাজ্যসমূহে এই লকডাউন কাৰ্যকৰী কৰাৰ স্বাৰ্থত গ্ৰহণ কৰিছিল বিভিন্ন কাৰ্যপন্থা।

সমান্তৰালভাৱে ৰাজ্যসমূহৰ আৰক্ষী বিভাগক লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ দিছিল গৃহবিভাগে। ফলত যিকোনো প্ৰকাৰে এই লকডাউন কাৰ্যসূচী সফল কৰাৰ বাবে ব্যস্ত হৈ পৰিছে আৰক্ষী প্ৰশাসন। লকডাউনৰ বাবে বন্ধ কৰি দিয়া হৈছে বিভিন্ন ৰাজহুৱা-ধৰ্মীয় অনুষ্ঠানৰ লগতে জন সমাগমেৰে অনুষ্ঠিত হ’বলগীয়া উৎসৱ-পাৰ্ৱন ইত্যাদি। কিন্তু এই ২১ দিনীয়া লকডাউন কাৰ্যসূচী সমাপ্ত হোৱালৈ এটা দিন থকাৰ সময়তে পুনৰ দুসপ্তাহ ধৰি সমগ্ৰ দেশতে এই লকডাউন বৃদ্ধি কৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ভিতৰ চ’ৰাত গুণাগথা চলিছে। এই কথা ৰাজহুৱা হোৱাৰ লগে লগে ৰাজ্যবাসীৰ মনত কিছুপৰিমাণে থকা ৰঙালীৰ আনন্দ সম্পূৰ্ণৰূপে ম্লান পৰাটো পৰিলক্ষিত হয়। ইয়াৰোপৰি ৰাজ্যৰ আৰক্ষী বিভাগে প্ৰতিখন সমিতিক বিহু অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অতি কম সময়ৰ ভিতৰত সৰ্বোচ্চ পাঁচ জন লোকৰ উপস্থিতিত পতাকা উত্তোলনেৰে আনুষ্ঠানিকতা সম্পন্ন কৰাৰ নিৰ্দেশ দিছে। ফলত ৰাজ্যৰ প্ৰতিখন বিহু সমিতি এইক্ষেত্ৰত প্ৰশাসনৰ নিৰ্দেশ আখৰে আখৰে মানিবলৈ বাধ্য হৈ পৰিছে।

কাইলৈ গৰু বিহু। চহৰ অঞ্চলত এই গৰু বিহুৰ আনন্দ বিগত কিছুবছৰ পৰাই ক্ৰমাৎ নাইকীয়া হৈ আহিছে যদিও বিভিন্ন গাওঁ অঞ্চলত সম্পূৰ্ণ পৰম্পৰাগত ৰীতি নীতি তথা আনন্দ-উৎসাহেৰে গৰুবিহু পালন কৰি অহা দেখা গৈছিল‌। পুৱা বেলি উদয়ৰ পূৰ্ৱেই গোহালিৰ গৰু নৈৰ ঘাটলৈ নি মাহ হালধিৰে গা ধুৱাই, নতুন পঘা বিহুৱান হিচাপে আগবঢ়াই লাও-বেঙেনা-হালধীৰ মালা গৰুৰ দিঙিত ওলমাই দিঘলতী-মাখিয়তী গছৰ পাতেৰে গৰুৰ শৰীৰত বোলাই নিজৰ গোহালিৰ গৰুটোৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে গৃহস্থই। কিন্তু এইবাৰ ৰাজ্যৰ পৰিৱেশ সম্পূৰ্ণ ব্যতিক্ৰম। এইবাৰ ৰাজ্যবাসীৰ মনত নাই তেনে উৎসাহ-আনন্দ। যিহেতু লকডাউন কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত এতিয়া হাট-বজাৰে বিহুৰ প্ৰয়োজনীয় সামগ্ৰীসমূহো পাবলৈ নোহোৱা হৈছে, সেয়েহে কেৱল মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰিহে একাংশ গঞা ৰাইজে গৰু বিহুৰ নিয়ম পালন কৰাৰ মানস কৰিছে। লকডাউনৰ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত ৰাইজ এতিয়া গৃহবন্দী হৈ থাকিবলগীয়া হৈছে। ফলত গৰুবিহুৰ বাবে অতিকৈ প্ৰয়োজনীয় দীঘলতী-মাখিয়তী গছবোৰো অনাদৰকৃত ভাৱে গৃহস্থৰ বাৰীৰ চুকত পৰি ৰৈছে।

বিশেষকৈ ওদালগুৰিৰ নলখামৰা, বগৰীবাৰী, বৰ্ণগাঁও, ঝাৰ্নগাও অঞ্চলৰ বহু ৰাইজৰ ঘৰত লহপহকৈ থকা দীঘলতী-মাখিয়তী গছসমূহ বিগত বৰ্ষবোৰত ওদালগুৰিৰ বিভিন্ন প্ৰান্তৰ লোকসকলে আহি  গৰুবিহুত ব্যৱহাৰৰ বাবে লৈ গৈছিল যদিও এইবাৰ লকডাউনৰ বাবে কোনো লোকে নিবলৈ অহা নাই বুলি অঞ্চলটোৰ কৃপা ৰাভা নামৰ লোকজনে সাংবাদিকৰ আগত উল্লেখ কৰে। লগতে তেওঁ কয়  “বিগত বৰ্ষবোৰত গৰুবিহুৰ দুদিন আগৰ পৰাই বিভিন্ন প্ৰান্তৰ পৰা বহু লোক আহি মোৰ বাসগৃহৰ পৰা দিঘলতী-মাখিয়তী পাত নিবলৈ ভিৰ কৰে। কিন্তু এইবাৰ লকডাউনৰ বাবে কোনো লোক আহিব পৰা নাই। ফলত কাটি পেলাবলগীয়া হৈছে মাখিয়তী গছ তথা ডালবোৰ। চৰকাৰে কৰ’না সংক্ৰমণ ৰোধৰ স্বাৰ্থত উচিত পদক্ষেপ হাতত লৈছে। যদিহে আমাৰ স্বাস্থ্য ঠিকে থাকে তেতিয়াহ’লে আগন্তুক বৰ্ষবোৰতো আমি ধুম-ধামেৰে বিহু উদযাপন কৰিব পাৰিম। কিন্তু চৰকাৰে ঘোষণা কৰা লকডাউন আমি মানি চলি কৰ’নাই যাতে আমাৰ সাধাৰণ ৰাইজক আক্ৰান্ত কৰিব নোৱাৰে তাৰ বাবে আমি এইবাৰ কেৱল মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰিহে বিহু পালন কৰাৰ পণ লৈছো।” লগতে চৰকাৰৰ এই লকডাউন সিদ্ধান্তক তেওঁ আদৰণি জনোৱা বুলিও উল্লেখ কৰে।

উল্লেখ্য যে ওদালগুৰিৰ বহু গাওঁ অঞ্চলৰ লোকে গৰুবিহুৰ পুৱা পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত সামাজিক দূৰত্ব মানি চলি ঘৰৰ ওচৰৰ পুখুৰী অথবা নদীত নিজৰ গৰুৰ গা ধুৱাব বুলি জানিবলৈ দিয়ে। সি যি কি নহ’ওক, বিশ্বজুৰি ত্ৰাস চলোৱা কৰ’ণা ভাইৰাছৰ সংহাৰে এইবাৰ অসমত ম্লান কৰিলে চেনেহৰ বাপতিসাহোন ৰঙালীৰ আনন্দ‌ ৷

Exit mobile version