প্ৰবাসীৰ বাবে দুৱাৰ বন্ধ আমেৰিকাৰ

donald trump 16

ক্ষতিগ্ৰস্ত হ’ব ভাৰতসহ দক্ষিণ এছিয়া 

কৰ’না ভাইৰাছৰ মাৰাত্মক প্ৰকোপত বিধ্বস্ত হৈছে আমেৰিকা | মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকানসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে | ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাত সাময়িকভাৱে প্ৰব্ৰজন (ইমেগ্ৰচন) বন্ধ কৰাৰ সিদ্ধান্ত লৈছে | এই কথা ঘোষণা কৰি ট্ৰাম্পে কয় যে কৰ’নাৰ ফলত উদ্ভৱ হোৱা নজিৰবিহীন আৰ্থিক বিপৰ্যয়ত আমেৰিকাবাসী যাতে সুৰক্ষিত হৈ থাকে,  সেইবাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে | ট্ৰাম্পৰ এই সিদ্ধান্তই পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আমেৰিকাত চাকৰি কৰা প্ৰাৰ্থীসকলক ক্ষতিগ্ৰস্ত কৰিব | “মই মাৰ্কিন যুক্তৰাষ্ট্ৰত সাময়িকভাৱে বিদেশী লোকৰ প্ৰৱেশ বন্ধ কৰাকৈ কাৰ্যবাহী নিৰ্দেশ দিম |’ ট্ৰাম্পে কয় | ‘অদৃশ্য শক্তিৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আমাৰ মহান নাগৰিকৰ চাকৰিৰ সুৰক্ষাৰ প্ৰয়োজনত, মই মাৰ্কিন যুক্তৰাষ্ট্ৰত সাময়িকভাৱে ইমিগ্ৰেচন বন্ধ কৰিবলৈ কাৰ্যবাহী নিৰ্দেশ দিম |’ ট্ৰাম্পে কয় |

অতিমহামাৰীৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ সীমান্তত ট্ৰাম্প প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিলে | মাৰ্কিন ৰাষ্ট্ৰপতিৰ এই ঘোষণাত দক্ষিণ এছিয়াৰ বহু মানুহ ক্ষতিগ্ৰস্ত হ’ব | কিয়নো প্ৰতিবছৰে ভাৰত আৰু বাংলাদেশৰ পৰা বহু প্ৰতিভাৱান লোক আমেৰিকাত জীৱিকাৰ সন্ধানত যায় | এই মূহুৰ্তত মাৰ্কিন অৰ্থনীতি চৰম দুৰ্দশাৰ মাজেৰে গতি কৰিছে | কৰ’নাৰ দপদপনি বৃদ্ধিৰ পাছত অন্তত ২.২০ কোটি লোক আমেৰিকাত কৰ্মহীন হৈছে | ইয়াৰ মাজত বহু ভাৰতীয় আছে | আগন্তুক দিনত আৰু বহু ভাৰতীয়ই চাকৰি হেৰুওৱাৰ আশংকা ব্যক্ত হৈছে | বিগত চাৰি সপ্তাহত তলাবন্ধৰ সময়ত ২.২০ কোটি লোকে নিবনুৱা ভাট্টা বিচাৰি আবেদন জনাইছে | অৱশ্যে ট্ৰাম্পৰ শেহতীয়া টুইটত কোন ধৰণৰ লোকৰ বাবে ইমিগ্ৰেচন বন্ধ হ’ব সেয়া স্পষ্ট কৰা হোৱা নাই |

Exit mobile version