ন’ভেল কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবেই ভাৰতসহ বিশ্বৰ অধিকাংশ দেশেই তলাবন্ধত ঢালৰূপে ব্যৱহাৰ কৰিছে । ইয়াৰ সুফলো পৰিলক্ষিত হৈছে বিভিন্ন দেশত । কাৰণ তলাবন্ধৰ প্ৰভাৱত বিশ্বজুৰি হ্ৰাস পাইছে প্ৰদূষণ। ক্ৰমাৎ নীল বৰণ ধৰিছে গংগা-যমুনাৰ পানীয়ে । সেইদৰে জলন্ধৰৰ পৰাই স্পষ্ট ৰূপে প্ৰত্যক্ষ কৰা গৈছে হিমালয়। সম্প্ৰতি মহাকাশ গৱেষণা কেন্দ্ৰ নাছাই জনাইছে যে তলাবন্ধৰ বাবে উত্তৰ ভাৰতৰ বায়ু প্ৰদূষণ ইমানেই হ্ৰাস পাইছে যে, যি বিগত ২০বছৰে হোৱা নাছিল। নাছাৰ ছেটেলাইট ছেন্সৰে বতাহত ধূলিকনাৰ মাত্ৰা পৰ্যৱেক্ষণ কৰি এই সিদ্ধান্তত উপনীত হৈছে ।
দক্ষিণ আৰু মধ্য এছিয়াৰ এক্সিকিউটিভ ছেক্ৰেটাৰী অৱ ষ্টেট এলিচ জি ৱেলছে জনাইছে যে ২০১৬ৰ পৰাই নাছাই প্ৰতি বছৰৰ বসন্তকালত এই অঞ্চলৰ উপগ্ৰহ ফটো সংগ্ৰহ কৰে । কিন্ত বিগত ২০বছৰে ইমান প্ৰদূষণ মুক্ত বায়ুমণ্ডল পৰিলক্ষিত হোৱা নাছিল । উল্লেখ্য যে, ২৪মাৰ্চৰ মাজনিশাৰ পৰা আৰম্ভ হোৱা তলাবন্ধ এতিয়াও অব্যাহত আছে । ফলত ৰেলপথ, আকাশপথ আদি সকলো বন্ধ । সেয়ে বতাহত ধূলিকণা বাঢ়িব পৰা নাই । তাৰ উপৰি ২৭ মাৰ্চৰ পৰা দুদিনমান উত্তৰ ভাৰতত প্ৰচুৰ পৰিমাণে বৰষুণ হয় । ইয়াৰ ফলত ধূলিকণা বহুলাংশে পৰিস্কাৰ হৈ পৰে । কিন্তু তাৰপাছতো তলাবন্ধ অব্যাহত থকাত নতুনকৈ ধূলিকণাৰ ঘনত্ব বৃদ্ধি পোৱা নাই ।






























