Lockdown:✒️দেশজুৰি ‘তলাবন্ধ’ হ’ব বুলি চলি থকা উৰা বাতৰিৰ মাজতে হাৰদীপ সিং পুৰীয়ে স্পষ্টকৈ জনাইছে,ভাৰতত কোনো ধৰণৰ তলাবন্ধ জাৰি কৰাৰ কোনো প্ৰস্তাৱেই নাই। তেওঁ এই ধৰণৰ উৰা বাতৰি“সম্পূৰ্ণ ভুৱা” বুলি অভিহিত কৰি জনসাধাৰণক আতংকিত নহ’বলৈ আহ্বান জনাইছে।
এই ভুৱা খবৰৰ পটভূমিত পশ্চিম এছিয়াৰ সংঘাতৰ বাবে বিশ্ববজাৰত খনিজ তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে, যাৰ প্ৰভাৱ ভাৰততো পৰিছে। এনে পৰিস্থিতিত ইন্ধনৰ মূল্য হঠাৎ বৃদ্ধি নোহোৱাকৈ ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত এক্সাইজ শুল্ক উল্লেখযোগ্যভাৱে হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
চৰকাৰৰ মতে, এই ক্ষেত্ৰত দুটা পথ আছিল—এক, বিশ্ববজাৰৰ মূল্যবৃদ্ধিৰ পূৰ্ণ বোজা গ্ৰাহকৰ ওপৰত দিব; দ্বিতীয়,চৰকাৰে নিজেই আৰ্থিক চাপ বহন কৰি জনসাধাৰণক সুৰক্ষা প্ৰদান কৰা। শেষত চৰকাৰে দ্বিতীয় পথটো বাছি লৈ শুল্ক হ্ৰাসৰ জৰিয়তে গ্ৰাহকক কিছু স্বস্তি দিয়াৰ চেষ্টা কৰিছে।
তথাপিও বিশেষজ্ঞসকলৰ মতে, শুল্ক হ্ৰাসৰ পাছতো পাম্পত তৎক্ষণাৎ মূল্য হ্ৰাস দেখা নাযাবও পাৰে, কিয়নো তেল কোম্পানীসমূহে পূৰ্বৰ লোকচান পূৰণত এই সুবিধা ব্যৱহাৰ কৰিব পাৰে।
চৰকাৰে একে সময়তে স্পষ্ট কৰিছে যে, দেশত পেট্ৰ’ল, ডিজেল আৰু LPGৰ যোগান সম্পূৰ্ণ স্বাভাৱিক আছে আৰু কোনো ধৰণৰ অভাৱৰ আশংকা নাই। সেয়ে উৰা বাতৰিক বিশ্বাস নকৰি অযথা অধিক ক্ৰয় নকৰিবলৈও আহ্বান জনোৱা হৈছে।
সামগ্ৰিকভাৱে, বিশ্বজুৰি ইন্ধন অস্থিৰতাৰ মাজতো দেশৰ ভিতৰত পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি কেন্দ্ৰই পুনৰ আশ্বস্ত কৰিছে।






























