দৰং জিলাৰ কলাইগাঁৱৰ সমীপৱৰ্তী সৰু ঔতলা আৰু বৰ ঔতলা সংযোগী বাঁহৰ দলংখন আজি নোৱা নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিয়ে ৷ বছৰৰ প্ৰথমটো বানে দলংখন খহায় নিয়াৰ ফলত বৰ বৰ ঔতলা অঞ্চলৰ কমাৰপাৰা, অকলিবাৰী, দুৰ্গাগাঁও, কপিলী সত্ৰ, বেঙাবৰা আৰু সৰু ঔতলাৰ কাছমাৰী, মজা চুবুৰী, দাহা, বৰমপুৰ আদি কেইবাখনো গাঁৱৰ যাতায়ত ব্যাহত হৈ পৰিছে ৷ দলংখন নোহোৱাৰ ফলত দলং খনেৰে যাতায়ত কৰা শতাধিক লোক ন দহ কিলোমিটাৰ ঘূৰি গৈ যাতায় কৰিব লগা হোৱাত ৰাইজে দুৰ্ভোগ ভূগিছে ।
উল্লেখযোগ্য যে দলংখনৰ ঠাইত চলিত বৰ্ষত এখন পকী দলং এখন অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ মঙলদৈ সংমণ্ডলে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ৷ আনহাতে বিভাগীয় নিয়ম অনুসৰি পকী দলং নিৰ্মানৰ সময়ছোৱাত ৰাইজে যাতায়ত অব্যাহত ৰাখিব পৰাকৈ সমীপতে ঠিকাদাৰে এখন দলং নিৰ্মাণ কৰিব লাগে । কিন্তু তাকে নকৰি ঠিকাদাৰ গৰাকীয়ে জৰাজীৰ্ণ দলং খনকৈ কিছু মেৰামতি কৰাৰ বাবে প্ৰথমটো বাঢ়নী পানীয়ে দলংখন উটুৱাই নিয়ে ৷ যাৰ ফলত পৰিণাম ভোগ কৰিব লগা হৈছে ৰাইজে ৷ বৰ ঔতলা আৰু সৰু ঔতলা অঞ্চলৰ প্ৰায় ১২ খন গাঁৱৰ ৰাইজে পকী দলং খন নিৰ্মাণ নোহোৱা পৰ্যন্ত এখন কাঠৰ উপদলং শীঘ্ৰে নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷