“কেন্দ্ৰীয় চৰকাৰে অলপতে দেশৰ ক্ষুদ্ৰ উদ্যোগসমূহৰ উত্তৰণৰ বাবে খাদ্য সংসাধন মন্ত্ৰালয়লৈ ১০ হাজাৰ কোটি টকা আগবঢ়াইছে। এই পুঁজিয়ে সমগ্ৰ ভাৰতৰ প্ৰায় ২ লাখ ক্ষুদ্ৰ উদ্যোগীক উপকৃত কৰিব ।” দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটীৰ সংবাদ লৌহিত্য নামৰ অনুষ্ঠানটোত এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে খাদ্য সংসাধন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।
তেওঁ কয় যে ক্ষুদ্ৰ উদ্যোগীসকলক এই আঁচনিৰ অধীনত ১০ লাখ টকালৈ ৰাজসাহায্য প্ৰদান কৰা হ’ব । খাদ্য সংসাধন মন্ত্ৰালয়ৰ তৰফৰ পৰা উত্তৰ পূৰ্বাঞ্চলক যথেষ্ট গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি মন্ত্রীজনে কয় যে উত্তৰ পূৰ্বাঞ্চলত সকলো আঁচনি কাৰ্যকৰী কৰা হ’ব। দেশৰ সকলো ঠাইতে এই ১০ হাজাৰ কোটি টকাৰ সুপ্ৰয়োগ সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহক এজনকৈ নোডেল বিষয়া নিয়োগ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হ’ব ।
আনহাতে অসংগঠিত ক্ষুদ্ৰ উদ্যোগীসকলক সহায় কৰাৰ উদ্দেশ্যে জিলা পৰ্যায়ত উপায়ুক্ত সকলক লৈ একোখনকৈ সমিতি গঠন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনাৰ বিষয়ে উল্লেখ কৰি কয় যে উত্তৰ পূবত এতিয়ালৈ ৪২ খন আঁচনিৰ অনুমোদন জনোৱা হৈছে আৰু সকলোবোৰ কাৰ্যকৰী হৈ আছে ।
এই অঞ্চলে যাতে সকলো আঁচনিৰ সুবিধা লাভ কৰে তাৰ প্ৰতি মন্ত্ৰালয়ে সদায় গুৰুত্ব দি আহিছে বুলি তেওঁ উল্লেখ কৰে । বৰ্তমান সময়ত কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ প্ৰসংগত মন্ত্ৰী তেলীয়ে কয় যে ক’ভিড-১৯ ক প্ৰতিহত কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে তলাবন্ধকে ধৰি বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰিছে । তেওঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক এই নিৰ্দেশনাসমূহ পালনৰ জৰিয়তে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায় আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰে।