পিতৃ-মাতৃৰ অনুপস্থিতিত হিন্দু যুৱতীৰ কন্যা দান কৰিলে এহাল মুছলিম দম্পতীয়ে । পঞ্জাৱৰ লুধিয়ানাত কালি আব্দুল ছাজিদ আৰু তেওঁৰ পত্নীয়ে চুবুৰীয়া পূজাৰ কন্যা দান কৰে । বিয়াৰ দিন-বাৰ ঠিক হৈ থকাৰ পাছতো তলাবন্ধৰ বাবে কন্যাৰ বিয়াত উপস্থিত থাকিব নোৱাৰিলে পূজাৰ পিতৃ-মাতৃ । পূজাৰ কালি বিয়া সম্পন্ন হয় লুধিয়ানাৰে যুৱক সুদেশ কুমাৰৰ স’তে । তলাবন্ধৰ পূৰ্বেই পূজা আৰু সুদেশৰ পৰিয়ালৰ সন্মতিত বিয়াৰ দিন নিৰ্ধাৰণ কৰা হৈছিল । পূজাৰ পিতৃ-মাতৃসহ পৰিয়াল লুধিয়ানাতে থাকে । উত্তৰ প্ৰদেশৰ মোৰাদাবাদত পূজাৰ পৰিয়ালৰ পিতৃক গৃহ আছে । তলাবন্ধৰ পূৰ্বে পূজাৰ পৰিয়াল গৈছিল মোৰাদাবাদলৈ ।কিন্ত তলাবন্ধত সমগ্ৰ দেশ স্তব্ধ হৈ পৰাত পিতৃ -মাতৃৰে পূজা বিচ্ছিন্ন হৈ পৰে । এনে কাৰণতে বিয়াক লৈ সংকটৰো সৃষ্টি হয় । দুয়োটা পৰিয়ালৰ মাজত বিয়াখনত লৈ দুশ্চিন্তাৰ সৃষ্টি হয় । কিন্ত প্ৰতিবেশী মুছলিম দম্পতীয়ে এই দুশ্চিন্তা দূৰ কৰে । কন্যাদানৰ দায়িত্ব লয় ছাজিদ দম্পতীয়ে । দৰাপক্ষয়ো অৱশেষত মানি লয় এই কথা।
মুছলিম প্ৰতিবেশীৰ তত্বাৱধানতে হিন্দু ৰীতি অনুসৰি কালি সুকলমে সম্পন্ন হৈ যায় বিয়াখন । পূজা আৰু সুদেশৰ চাৰি হাত এক হয় প্ৰতিবেশীৰ উদ্যোগত । নৱ দম্পতীক বহু উপহাৰো দিয়ে প্ৰতিবেশী মুছলিম পৰিয়ালটোৱে । কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিয়াখনত মাত্ৰ সাতগৰাকী লোকহে উপস্থিত থাকে ।বিয়াখনৰ সন্দৰ্ভত আব্দুল ছাজিদ আৰু তেওঁৰ পত্নীয়ে কয়, ‘আমি যোৱা প্ৰায় পাঁচ বছৰ ধৰি পূজাৰ পৰিয়ালক জানো । পূজাই আমাক মামা- মামী বুলি মাতে । পূজা আমাৰ দৰে কন্যাৰ দৰেই । আমি পূজাৰ কন্যা দান কৰিলো । পূজাক বিয়া দিবলৈ পাই আমি আনন্দিত । বিয়াত কোনো উপহাৰ বিচৰা নাই সুদেশৰ পৰিয়ালে । তথাপি আমি বিছনা, আলমিৰাকে ধৰি সামান্য কেইপদমান বাচন-বৰ্তন দিছো । বিয়াখন সৰুকৈ হোৱাত দুখ লাগিছে যদিও কোনো বাধা সৃষ্টি নোহোৱাকৈ সম্পন্ন হোৱাত ভালো লাগিছে ।’