দিন অতিবাহিত হোৱাৰ সমান্তৰালকৈ কৰ’না ভাইৰাছ কাৰণে দিয়া তলাবন্ধ বহু পৰিমাণে শিথিল হৈছে ৷ মাস্ক পৰিধান কৰা, হাত ধোৱা আদিবোৰৰ ক্ষেত্ৰত আদি কিমান সজাগ ৷ কাৰণ, চৰকাৰে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিলেও এতিয়াও একাংশ লোকে মাস্কখন মুখৰ পৰিৱৰ্তে ডিঙিত পৰিধান কৰে ৷ এই সন্দৰ্ভত কৰ’না ভাইৰাছৰ ক্ষেত্ৰত ল’ব লগা কিছু সাৱধানতাৰ সম্পৰ্কত স্কটলেণ্ডৰ চিকিৎসক ড° মুগে সেবিকে দিয়া কিছু নীতিনিয়ম চাও আহক।
ADVERTISEMENT
- তলাবন্ধৰ পঞ্চম পৰ্যায়ত দেশৰ উপাসনাস্থলীসমূহ খুলিবলৈ চৰকাৰে নিৰ্দেশ দিছে ৷ কিন্তু চৰকাৰে ইয়াৰ কাৰণে কিছুমান নিৰ্দেশনাও জাৰি কৰিছে ৷ এই ক্ষেত্ৰত আমি মাস্ক পিন্ধাটো অত্যন্ত জৰুৰী ৷ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰখাটোও অতি আৱশ্যকীয় ৷ ড° মুগে সেবিকৰ মতে সামাজিক স্থানলৈ গ’লেও নিশ্চিত হ’ব লাগে যাতে সেই ঠাইসমূহত সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰা হৈছে । ইপিনে ৬ ফুটৰ ভিতৰত ২জন লোকে ১৫ মিনিটলৈকে মত বিনিময় কৰিলে সংক্ৰমণ হোৱা আশংকা থাকে।
- আনহাতে বৃহৎ জনসমাগমত কৰ’নাত আক্ৰান্ত হোৱাৰ আশংকা থাকে ৷ এই লোকসকল ক’ত কেনেকৈ একত্ৰিত হৈছে সেয়া ডাঙৰ কথা নহয়। সমাগমৰ অৰ্থ হৈছে বেছি মানুহ, বেছি মানুহৰ লগত সম্পৰ্কৰ লগতে সংক্ৰমণ হোৱাৰ বেছি আশংকা। গতিকে সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ একমাত্ৰ উপায় হ’ল বেছিকৈ বাহিৰত নোযোৱাতো ৷
- বন্ধ ঠাইত এই ভাইৰাছ বেছি সময় সক্ৰিয় হৈ থাকে ৷যিসমূহ ঘৰত দুৱাৰ খিৰিকী বন্ধ হৈ থাকে ৷ সেই সমূহঠাইত কৰ’নাৰ আশংকা বেছি। ড° সেৱিকৰ মতে য’ত বতাহ চলাচল কৰিব নোৱাৰে সেইসমূহ ঠাইত কৰ’না বেছি সময়লৈ সক্ৰিয় হৈ থাকে ৷ গতিকে এই সময়ত ঘৰত দুৱাৰ খিৰিকি খুলি কৰ’না ভাইৰাছত সংক্ৰমণৰ আশংকা হ্ৰাস কৰিব পাৰি ৷